খং নামেই চণ্ডাল – প্ৰাণ প্ৰতিমা বড়া

 খং নামেই চণ্ডাল
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
পৃথিৱীৰ প্ৰায় সকলো মানুহৰে খং আছে ৷ অসমীয়াত এষাৰ কথা আছে “ খং নামেই চণ্ডাল’’ ৷ সমাজৰ বেছিভাগ মানুহৰে বিভিন্ন সময়ত খঙৰ কবলত পৰি সমাজবিৰোধীকাৰ্য্য , অপৰাধমূলক ঘটনাবোৰ আমি সদায়েই দেখি বা শুনি আহিছোঁ। খঙৰ কবলত পৰি মুহূৰ্ততে একোটি পৰিয়াল ধ্বংস হৈ যাব পাৰে ৷ অত্যাধিক খঙাল মানুহে নিজৰ লগতে আনকো দুখী কৰি ৰাখে। বিভিন্ন কাৰণত মানুহৰ খং উঠিব পাৰে। আত্মকেন্দ্ৰিকতাৰ মাজত সহবাস কৰা মানুহবোৰ স্বাৰ্থপৰ আৰু খঙাল হোৱা দেখা যায় ৷ কিছুমান স্বভাৱগতভাৱে খঙাল ৷ তেওঁলোকে কেতিয়াও কোনো কামতে সন্তুষ্ট নহয় ৷ নিজৰ আপোন মানুহবোৰৰ মাজতে একো কামতেই তেওঁলোক সুখী নহয় । ধৈৰ্য্য নাইকিয়া হয় ৷ তেওঁলোকে নিজৰ মতেৰে পৰিয়ালৰ লোকসকলক চলাব বিচাৰে ৷ খোৱা-বোৱাৰ , পিন্ধা-উৰা সকলো কামতে তেওঁলোকে সন্তুষ্টি লাভ নকৰে ৷ সৰু-সুৰা কথাতে অসন্তুষ্টি প্ৰকাশ কৰে ৷ তেনে স্বভাৱৰ লোকৰপৰা পৰিয়ালৰ লগতে সমাজৰো বিৰূপ প্ৰতিক্ৰিয়া দেখা যায় ৷  মহাভাৰতৰ দুৰ্যোধন এক উদাহৰণ । স্বাৰ্থপৰ, আত্মভিমানী, হিংসুক আৰু খঙাল স্বভাৱৰ বাবেই ধ্বংস মাতি আনিলে ৷
অত্যাধিক খং মানুহৰ এক প্ৰকাৰৰ মানসিক বিকাৰ ৷ যিবিলাক মানুহ খং কমাব নোৱাৰে তেনে লোকৰপৰা নিমিষতে এখন ঘৰ ধ্বংস হৈ যাব পাৰে ৷ খুব সুন্দৰকৈ চলি থকা ঘৰ এখনৰ পৰিয়ালৰ কোনোবা এজনৰ অত্যাধিক খংৰ বাবে হত্যা পৰ্যন্ত হোৱাৰ খবৰ আমি প্ৰায়ে দেখিবলৈ পাওঁ। চাৰিত্ৰিক দিশৰপৰা চাবলৈ গ’লে সাধাৰণতে খঙাল মানুহবোৰ অহংকাৰী, আত্মভিমানী, স্বাৰ্থপৰ হোৱা দেখা যায় ৷ মানুহে খংৰ কবলত পৰি অসামাজিক, অনৈতিক কাৰ্য্যকলাপ কৰা দেখা যায় ৷ সমাজত দিনকদিনে বাঢ়ি অহা হত্যা, আত্মহত্যা আদি কামবোৰে পৰিয়ালৰ লগতে সমাজৰো বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ পায় ৷ গতিকে খং কমাবলৈ আমি বিভিন্ন ধৰণেৰে চেষ্টা কৰিব লাগে । মেডিটেচন, আধ্যাত্মিক জ্ঞানৰ প্ৰভাৱত মানুহে খং কমাব পাৰে ৷ প্ৰথমতে আমি নিজক বুজিবলৈ যত্নপৰ হোৱা উচিত ৷ অন্যহাতেদি মনোবিজ্ঞানীৰ ওচৰত গৈ পৰামৰ্শ লোৱা উচিত ৷ খং কমোৱাৰ প্ৰথম কামতো হ’ল  আমি নিজকে বুজিবলৈ চেষ্টা কৰিব লাগে ৷ খং কমাবলৈ যত্নপৰ হব লাগে , লগতে নিজৰ মনটো শান্তিত ৰাখিবলৈ চেষ্টা কৰিব লাগে ৷ মানুহে খংৰ বাবে যাতে আনৰ অপকাৰ কৰিব নোৱাৰেতাৰ বাবে সামাজিক প্ৰাণী হিচাপে আমি সকলো মানুহেই সজাগ আৰু সচেতন হ’ব লাগে।