কৰ্ম – সংস্কৃতিৰ প্ৰতি আমি কিমানদূৰ সচেতন?
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
‘কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ ‘ – উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মতে, কৰ্মই জীৱন কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ।পণ্ডিত আনন্দৰামেও এই পৰম ধৰ্মত বিশ্বাস আৰু আস্থা ৰাখিছিল।আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ হ’ল কৰ্ম।কঠোৰ অধ্যৱসায় আৰু অদম্য কর্মগতিত তেওঁ বিচাৰি পাইছিল জীয়াই থকাৰ আনন্দ।কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বা মান বিচৰা নাছিল।জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও আশ্চৰ্য হৈছিল, তেওঁৰ কাম আৰু সংকল্প দেখি।তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা জাতিসমূহৰ লগতে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল, এক নৱযুগৰ আৰম্ভণি ঘটিছিল।গীতাতো উল্লেখ আছে ‘কৰ্মই ধৰ্ম’।কৰ্ম অবিহনে জীৱনৰ কোনো মূল্য নাই।কৰ্ম – সংস্কৃতিৰ সপোন জাতিৰ পিতা মহাত্মা গান্ধীৰ দিনতে গঢ়ি তুলিছিল, সেয়া আছিল বুনিয়াদী শিক্ষা।যি শিক্ষা শিল্পকেন্দ্ৰিক । হাতে – কামে কৰি শিকা । কৰ্ম – অভিজ্ঞতাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী কৰাৰ উদ্দেশ্য আছিল।গান্ধীজীৰ ভাষাত- “I have therfore made bold, even at the risk of losing a reputation for coustractive ability to struggle that education should be self supporting.” কিন্তু অতিৰিক্ত উৎসৱ পালনৰ ফলস্বৰূপে বর্তমান কৰ্ম – সংস্কৃতি গঢ় লৈ উঠাত যেন বাধাগ্ৰস্ত হৈ আছে। অত্যাধিক উৎসৱ প্ৰৱণে যেন আমাক কিছু ক্ষেত্ৰত ব্যৰ্থ কৰি পেলাইছে।বহু জাতি জনগোষ্ঠীৰ মহামিলনভূমি অসম!অতীজৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত উৎসৱ – পাৰ্বণ প্ৰচলিত হৈ আহিছে।ইয়াৰে কিছুমান উৎসৱ থলুৱা আৰু কিছুমান সমাহৰণৰ দ্বাৰা আৰ্জিত।উৎসৱ – পাৰ্বণ প্ৰত্যেক জাতি – জনগোষ্ঠীৰ প্ৰাণ।ই সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ।ইয়াৰ দ্বাৰা পৰস্পৰৰ মাজত ঐক্যবদ্ধতা, ভ্ৰাতৃত্বৰ ভাৱ জাগ্ৰত কৰে। কিন্তু সাম্প্ৰতিক অত্যাধুনিক অৱবাহিকাৰ সোঁতত আমাৰ জাতি – সংস্কৃতি ডুব যোৱাৰ উপক্ৰম হৈছে !বাৰমাহে তেৰ পূজা, উৎসৱ পালন, ‘এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিয়েকৰ বিয়া ‘। দেশী উৎসৱতো বাদেই বিদেশী উৎসৱ যেনে:- ধনতৰেছ, কৰৱাষঠ, বলেবম, হনুমান পূজা, ইত্যাদি আছেই।দেশত দিনে দিনে নিৰক্ষৰ আনকি শিক্ষিত নিবনুৱাৰ সংখ্যা দোপত – দোপে বাঢ়ি গৈছে । এনেই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰকাৰী – বেচৰকাৰী বন্ধ ঘোষণা, সপ্তাহ জোৰা উৎসৱ – পাৰ্বণ তাৰোপৰি নানান কাৰ্যসূচীৰ প্ৰয়োভৰ।কেতিয়াবা সেইবোৰ কাৰ্যসূচীৰ আলোকচিত্ৰ বিভিন্ন ৱেবচাইটবোৰত আপলোড দিবলৈ গৈ অহৰ্নিশে হাৰাশাস্তি হয়, সময়ৰ আদ্যশ্ৰাদ্ধ !বর্তমান বাৰ মাহে তেৰটা পূজা পালন কৰিবলৈ গৈ বিদ্যালয়বোৰতো পাঠদানৰ যেন সময়ৰ নাটনিৰ সৃষ্টি হৈছে।দেশৰ প্ৰকৃত কৰ্ম – সংস্কৃতিৰ বীজৰ কঠিয়াডৰাই যেন বিদ্যালয়, কিন্তু পৰিস্থিতিৰ কবলত পৰি সকলোবোৰ অনীহা স্বত্বেও অমৃতৰ দৰে পান কৰিবলগীয়া হয় ! ইয়াৰ ফলত ক্ষতি কাৰ, সময়ৰ অপচয় কাৰ হৈছে নো ? তাৰোপৰি, দেশৰ নাগৰিকৰ বাবে নিবনুৱামুক্ত দেশ হিচাপে পৰিচিত হ’বলৈ চৰকাৰে ৰাজ্য বা দেশৰ উন্নতিৰ হকে নানা ধৰণৰ বৃত্তিমূলক কৰ্মপন্থাৰ ব্যৱস্থা কৰিছে যেনে:- অফিচ মেনেজমেন্ট, এপ্লাইড ছাইক’লজী, পাৰফৰ্মিং আৰ্ট, পেপাৰ এণ্ড পাল্প টেকন’লজি, কাউন্সেলিং, ট্ৰেভেল এণ্ড টুৰিজিম, বি ভক (এক্টিং), ফটোগ্ৰাফী, হেণ্ডলুম টেকন’লজি ইত্যাদিবোৰো মহাপাৰ্বণৰ কবলৰ পৰা বাদ পৰা নাই।কৰ্ম – সংস্কৃতিয়ে যেন উন্নতিৰ মহাসাগৰত দৰিকণা বিচাৰিছে।গতিকে, দেশৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ নাগৰিকক হাতে- কামে শিক্ষাৰে শিক্ষিত কৰি উন্নতিৰ পথত অগ্ৰসৰ হোৱাৰ পথ প্ৰশস্ত কৰিব নোৱাৰিলে একালত দেশ নিবনুৱাৰ বিশাল অট্টালিকা গঢ়াৰ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ’ব বিশ্বদৰবাৰত, ই ধুৰুপ ।