কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজত বিশ্ব দৰ্শন দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজত কালি দৰ্শন বিভাগৰ উদ্যোগত বিশ্ব দৰ্শন দিৱসৰ লগত সংগতি ৰাখি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখা মনি কোঁৱৰে। আদৰণি ভাষণত তেওঁ কয় যে আজিৰ প্ৰজন্মৰ মাজত অগ্ৰজৰ প্ৰতি সন্মান আৰু সহিষ্ণুতাৰ সম্ভাৰ বিৰাজ কৰিব লাগে। দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে বিশ্ব দৰ্শন দিৱসৰ ২০২৪বৰ্ষৰ উক্তি ” Philosophy:Bridging Social Gap”ৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশ্ব দৰ্শন দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।সভাৰ নিৰ্দিষ্ট বক্তা দৰ্শন বিভাগৰ অধ্যাপক তথা যোগ প্ৰশিক্ষক ড° নুৰুল ইছলামে “Yoga and Well-being” ৰ ওপৰত এক শ্ৰুতিমধুৰ বক্তৃতা প্ৰদান কৰে। তেঁও কয় যে যোগে মানুহক মনৰ পৰা শুদ্ধ কৰে । কৰ্ম যোগ, জ্ঞান যোগ, ভক্তি যোগ আৰু পতঞ্জলি যোগৰ ওপৰতও তেঁও ভাষণ ৰাখে। দৰ্শন বিভাগৰ অধ্যাপক ৰজব আলীয়ে অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটিক সাফল্য মন্দিত কৰে।