কৰ্মফল – অংশুমান ভূঞা

Pc Wallpaper Flare
অণুগল্প
কৰ্মফল
অংশুমান ভূঞা
চামতা, নলবাৰী
কোটিটকীয়া অভাৰব্ৰীজৰ কামটো হাতৰ মুঠিত। সি কৈ থকা বিলাসী গাড়ীখনৰ দাম পঁ‌চিছ লাখ। মিলাব লাগিব।  গাড়ীতো বাদেই মানুহটো চিনাই মস্কিল হৈ পৰিছিল। মুখাগ্নি কৰি উঠি মূক হৈ বহি থকা পৰত এটা কথাই কাণত বাজি থাকিল – গাৰ্ড ওৱালখন সম্পূৰ্ণকৈ বনোৱা হ’লে গাড়ীখন তললৈ সৰি নপৰিলেহেঁ‌তেন।