কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধ আইন ২০১৩ শীৰ্ষক দুদিনীয়া কৰ্মশালা

কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধ আইন ২০১৩ শীৰ্ষক দুদিনীয়া কৰ্মশালা

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ , মহিলা আৰু শিশু বিকাশ বিভাগ মাজুলীৰ উদ্যোগত ‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ অধীনত আৰু জিলা আইন সেৱা প্ৰাধিকৰণ মাজুলীৰ সহযোগত মাজুলী সাংস্কৃতিক কেন্দ্ৰ প্ৰেক্ষাগৃহত ‘কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধ আইন ২০১৩ – Sexual Harrasment of Women at Workplace (Prevention, Prohibition, Redressal)Act 2013 ৰ অন্তৰ্গত মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিভিন্ন বিভাগৰ আভ্যন্তৰীণ কমিটি (Internal Complaints Committee)ৰ সদস্যক লগত লৈ দুদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাখনত জিলা আইন সেৱা প্ৰাধিকৰণ মাজুলীৰ সচিব সৰস্বতী জাহৰি পাদুন, অতিৰিক্ত জিলা আয়ুক্ত তৰালী দাস ,জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী উপস্থিত থাকে।কৰ্মশালাখনত সমল ব্যক্তি ৰুণুজুন দলে, উপ মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাই কৰ্মস্থানত মহিলাৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধ আইন ২০১৩ – Sexual Harrasment of Women at Workplace (Prevention,Prohibition, Redressal)Act 2013 আইনৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়াই  লগতে আভ্যন্তৰীণ কমিটি (Internal Complaints Committee)ৰ সদস্যসকলৰ দায়িত্ব সন্দৰ্ভত অৱগত কৰে।