কৰোণা-ৰূপ চিং তিচু

Pc Cleveland Clinic
কৰোণা
চীনে লগালে লেঠা
বিশ্বত লাগিল বেথা
সকলোতে লাগিল হুৱাদুৱা,
আনলৈ পুতি শূল
চাইনাতো লাগিল হুলুস্থুল
এতিয়া পালি কেনে মজা ।
সঁচাকৈ বৰ ভয় লগা
যাৰ নাম কৰোণা॥
বিশ্বক শংকিত কৰি
যেনি তেনি বলিছে আজি
মহা দানৱৰূপী,
মানৱ জীৱন শৰণ কৰি
বলিয়াৰ কি যে কিৰিলী
দেখি গাৰ নোম উঠে শিয়ৰি ।
সচাকৈ বৰ ভয় লগা
যাৰ নাম কৰোণা ॥
তথাপি আমি মনৱ জাতি
তোমাৰ ভয়ত পেপুৱা লাগি
নাযাওঁ পিছ হুহুঁকি,
অমি নকৰো চেষ্টাৰ ক্ৰুটি
বিচাৰি উলিয়াম নতুন গতি
তুমিও যাবা এদিন উফৰি ।
বিশ্বত কৰিম নাইকিয়া
যাৰ নাম কৰোণা॥
ৰূপ চিং তিচু
কাৰ্বিআংলং