ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰবিচন্দ্ৰন অশ্বিনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এক দুঃখবৰ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। বৰষুণৰ বাবে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ গাব্বাৰ টেষ্ট ড্ৰ’ৰে সামৰণি পৰে। খেলখন ড্র’ হোৱাৰ পাছত সংবাদ মেলত অশ্বিনে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ৭০০ৰো অধিক উইকেট দখল কৰিছিল। ইতিমধ্যে অশ্বিনৰ অৱসৰ সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছিল। গাব্বা টেষ্ট বাতিল হোৱাৰ পূৰ্বে বিৰাট কোহলিৰ সৈতেও বহু সময় কথা পাতি থকা দেখা গৈছিল।২০১০ চনত জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ মেচ খেলি অশ্বিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁ এজন মহান বলাৰ হিচাপে এটা লিগেচি প্ৰতিষ্ঠা কৰিছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ভাৰতক প্রতিনিধিত্ব কৰি ২৮৭খন খেলত অংশগ্ৰহণ কৰিছিল। বলাৰ হিচাপে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৬৫টা উইকেট দখল কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ অনিল কুম্বলেৰ পিছতে তেওঁ দ্বিতীয় সর্বাধিক উইকেট দখলকাৰী। তিনিওটা ফর্মেটতে কুম্বলে নিজৰ কেৰিয়াৰত ৯৫৬টা উইকেট দখল কৰে। অলৰাউণ্ডাৰ হিচাপেও অশ্বিনে নিজৰ নাম উজলাইছিল। টেষ্ট ক্রিকেটত ৬ শতক আৰু ১৪টা পঞ্চাশসহ ৩,৫০৩ ৰান সংগ্ৰহ কৰে। বিশেষকৈ তেওঁ টেষ্ট কিংবদন্তি হিচাপে স্বীকৃতি লাভ কৰিব। অশ্বিনৰ এই ঐতিহাসিক কেৰিয়াৰ ১৪ বছৰ ধৰি চলিছিল, য’ত তেওঁ ৭৬৫টা উইকেট লোৱাৰ উপৰি ৪৩৯৪ ৰান সংগ্ৰহ কৰিছিল। অষ্ট্রেলিয়াত অশ্বিনৰ কেৰিয়াৰৰ অন্তিমখন মেচত এডিলেইড পিংক বল টেষ্টত বলিঙত ২৯ ৰান সংগ্ৰহ কৰি এটা উইকেট দখল কৰে।