ক্রোধিত প্লাৱন
পুনৰ বাৰ আহিল প্লাৱন,
সেমেকা হ’ল সকলোৰে মন।
প্রকৃতিক অপকাৰ কৰিছে অগণন,
সেই বাবে হেৰুৱাইছোঁ বহুতো জীৱন।
হেৰুৱালে কোনোবাই নিজৰ মাতৃ,
হেৰুৱালে কোনোবাই নিজৰ পিতৃ।
হেৰুৱালে কোনোবাই নিজৰ ভাইটি,
হেৰুৱালে কোনোবাই নিজৰ ভগ্নী।
হেৰুৱালে কোনোবাই নিজৰ মৰমৰ ঘৰ,
অন্ত যেন নাই এনে কথাবোৰৰ।
হঠাৎ যেন নোহোৱা হ’ল সেই পোহৰ,
মুকলি পথাৰ এতিয়া হ’ল সাগৰ।
শিশু সকলৰ বিদ্যালয় যেন প্লাৱনে ভৰে,
শিশু সকলৰ ভৱিষ্যতক অন্ধকাৰে আৱৰে।
কল্কিৰ ৰূপে যেন প্লাৱন আহিছে,
নে! প্রকৃতি আই ক্রোধিত হৈছে।
মানৱে যেন পাহাৰ-ভৈয়াম কৰিছে মৰুভূমি,
সেউজীয়া ৰঙক যেন দিছে আঘাত হানি।
প্লাৱনৰ সেই সোঁতে যেন কিবা কথা কৈছে,
যেন! মানুহ এতিয়া দুষ্কর্মী হৈছে।
চকুলোৰ যেন অন্ত নাই,
কান্দোনেৰে যেন আপোন জনক হেৰুৱাই।
প্রকৃতি আই তুমি নহবা চিন্তিত,
তোমাক জীয়াই ৰাখিম, নহবা ক্ৰোধিত।
জাগা হে জাগা মোৰ প্ৰিয় বিশ্ববাসী,
প্ৰকৃতিক জীয়াই ৰখাৰ দিওঁ প্ৰতিশ্ৰুতি।
-নিতিষ্মান দাস
অষ্টম শ্রেণী