কোভিড টিকাকৰণকলৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত
অনলাইন বাৰ্ত্তাসেৱা- স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ কোভিড টিকাকৰণক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ এক নিযুক্তিপত্র প্রদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰে যে চৰকাৰী কৰ্মচাৰী সকলে কোভিডৰ প্ৰতিষেধক নোলোৱাৰ অজুহাত দি কাৰ্যালয়লৈ নাহিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে দৰমহা কৰ্তন কৰা হব। ৬ ছেপ্টেম্বৰ পৰা যিহেতু প্ৰতিটো চৰকাৰী কাৰ্যালয় আৰু দ্বাদশ শ্ৰেণীৰ পৰা উচ্চ পর্যায়লৈকে শিক্ষানুষ্ঠানসমূহত পাঠদান অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত সাংবাদিকে সোধাত মন্ত্রী মহন্তই উল্লিখিত মন্তব্য কৰাৰ লগতে কয় যে প্রতিটো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ সন্মুখত ‘আমি সকলোৱে টিকা গ্ৰহণ কৰিছো’ বুলি বেনাৰত লিখি থ’ব লাগিব। প্রথম পালি টিকা নোলোৱা মানুহ কার্যালয় অথবা শিক্ষানুষ্ঠানত থাকিব নোৱাৰিব। লগতে মন্ত্ৰী গৰাকীয়ে কয় যে বেচৰকাৰী খণ্ডৰ অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো ৬ ছেপ্টেম্বৰৰ পৰা ‘আমি সকলোৱে টিকা গ্ৰহণ কৰিছো’ বুলি বেনাৰ আঁৰি থ’ব লাগিব। মন্ত্ৰীগৰাকীয়ে কয় যে ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিষ্ঠানত থকা স্বত্বাধিকাৰ, প্ৰবন্ধক, কৰ্মচাৰীয়ে টিকা গ্ৰহণ কৰিছে বুলি ‘ছেল্ফ ডিক্লাৰেচন’দি আগফালে বেনাৰ আঁৰিব লাগিব। এই নীতি ৬ ছেপ্টেম্বৰৰ পৰা প্রযোজ্য কৰা হ’ব। স্বাস্থ্য বিভাগৰ বিষয়াই পৰিদৰ্শন কৰিবলৈ যাওতে যদি টিকা গ্ৰহণ নকৰাকৈ মিছাকৈ লিখি থৈছে তেন্তে উচিত ব্যৱস্থা লোৱা হ’ব।
(RT)