কেৰালাত নতুনকৈ ১১হেজাৰৰো অধিক লোক কৰʼনাত সংক্ৰমিত
ৰঙিলী বাৰ্ত্তাসেৱা- কেৰালাত অব্যাহত আছে কৰʼনাৰ সংক্ৰমণ। কেৰালাত নতুনকৈ ১১,০৭৯ জন লোক সংক্ৰমিত হৈছে। কেৰালাত এতিয়ালৈ মুঠ ৪৮,২০,৬৯৮ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ ১২৩ জন লোকৰ কৰʼনাৰ ফলত মৃত্যু হয়। যাৰ ফলত কেৰালাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ২৬,৫৭১ জন হয়। ৯,৯৭২ জন লোক নতুনকৈ কেৰালাত কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈছে। মুঠ ৪৬,৯৫,৯০৪ জন লোক কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।