কেন্দ্ৰীয় শিক্ষা মন্ত্রীয়ে প্ৰকাশ কৰে ‘ইণ্ডিয়া ৰেংকিঙছ ২০২১’
অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰা ‘ইণ্ডিয়া ৰেংকিঙছ ২০২১’ শীর্ষক প্রতিবেদনত আই আই টি গুৱাহাটী, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এন আই টি শিলচৰ আৰু আই আই আই টি গুৱাহাটীৰ বাদে আন শিক্ষানুষ্ঠানে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰিলে। অতি দুর্ভাগ্যজনকভাৱে দেশৰ শ্ৰেষ্ঠ ১০০ খন মহাবিদ্যালয়ৰ তালিকাতো অন্তর্ভুক্ত নহ’ল অসমৰ এখনো মহাবিদ্যালয়। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগৰণুৱা হিচাপে পৰিচিত আই আই টি গুৱাহাটীয়ে ভাৰতৰ শ্ৰেষ্ঠ ১০০ খন শিক্ষানুষ্ঠানৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ শিক্ষাৰ দিশত দেশৰ যি এশখন শ্রেষ্ঠ শিক্ষানুষ্ঠান বাছনি কৰা হৈছে তাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ৬৭ নং স্থান, তেজপুৰ বিশ্ববিদ্যালয়ে ৭৩ নং স্থান আৰু এন আই টি শিলচৰে ৯৩ নং স্থান দখল কৰিছে। আনহাতে বিশ্ববিদ্যালয় ভিত্তিক তালিকাত অসম বিশ্ববিদ্যালয়েও স্থান লাভ কৰিছে। কাৰিকৰী শিক্ষানুষ্ঠান ভিত্তিক তালিকাত আই আই টি গুৱাহাটী, এন আই টি শিলচৰ আৰু আই আই আই টি গুৱাহাটী অন্তর্ভুক্ত হৈছে। মেনেজমেন্ট শিক্ষাৰ ক্ষেত্ৰত অসমৰ এখনো শিক্ষানুষ্ঠান অন্তর্ভুক্ত হোৱা নাই ৷ ফাৰ্মাচী শিক্ষাৰ ক্ষেত্ৰত গুৱাহাটীস্থিত নেচনেল ইনষ্টিটিউট অব ফার্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্তর্ভুক্ত হৈছে।
(UD.)