কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল অসম অলিম্পিক সন্থাৰ সভাপতি আৰু সম্পাদক পদত লক্ষ্য কোঁৱৰ নিৰ্বাচিত

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল অসম অলিম্পিক সন্থাৰ সভাপতি আৰু সম্পাদক পদত লক্ষ্য কোঁৱৰ নিৰ্বাচিত

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় সংসদীয় সমষ্টিৰ সাংসদ সৰ্বানন্দ সোনোৱালে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত নিৰ্বাচিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা অসম চৰকাৰৰ যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ দেৱ গোস্বামীক ওফৰাই পুনৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হয়। সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ। অন্যান্য নিৰ্বাচিত সদস্য সকল হ’ল উপ সভাপতি, মুৰুলীধৰ চৌধুৰী,ৰাজ কাকতি,কবিৰঞ্জন বাৰ্মা,বাণীব্ৰত দাস, প্ৰশান্ত প্ৰতীম কাঠকটীয়া, সুশান্ত বিশ্ব শৰ্মা,শিলাদিত্য দেব, ৰাজীৱ শৰ্মা, সুবোধ মল্ল বৰুৱা ধনভৰালী অশোক কুমাৰ ভৰালী আৰু অন্যান্য সকল।