কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘সাগৰমন্থন: দ্য গ্ৰেট অ’চেনছ ডায়লগ’ (Sagarmanthan: The Great Oceans Dialogue) অনুষ্ঠানৰ পূৰ্ব প্ৰচাৰ অভিযানৰ কাৰ্যসূচী মুকলি কৰে

প্ৰেছবাৰ্তা

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেসাগৰমন্থন: দ্য গ্ৰেট চেনছ ডায়লগ‘ (Sagarmanthan: The Great Oceans Dialogue) অনুষ্ঠানৰ পূৰ্ব প্ৰচাৰ অভিযানৰ কাৰ্যসূচী মুকলি কৰে

  • এই সন্মিলনখন ভাৰতৰ এক সমৃদ্ধ সামুদ্ৰিক ভৱিষ্যতৰ বাবে বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনী সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ“: সৰ্বানন্দ সোণোৱাল

 

  • ২০২৪ চনৰ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত বলগীয়াসাগৰমন্থন: দ্য গ্ৰেট চেনছ ডায়লগ উদ্বোধনী সংস্কৰণত ৭৫১০০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব

 

  • পূৰ্ব প্ৰচাৰ অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰ্জেণ্টিনা, আৰ্মেনিয়া, অষ্ট্ৰেলিয়া, গ্ৰীচ, ইটালী, জৰ্জিয়া, ৰৱে, শ্ৰীলংকাৰ প্ৰতিনিধিসকলে

নতুন দিল্লী, ছেপ্টেম্বৰ ২০২৪: বিশ্বব্যাপী সামুদ্ৰিক আলোচনাৰ ভৱিষ্যৎ গঢ়ি তোলা আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সম্ভাৱনাক অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অ’বজাৰ্ভাৰ ৰিছাৰ্চ ফাউণ্ডেচন (অ’আৰএফ)ৰ অংশীদাৰিত্বত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে আজি নতুন দিল্লীৰ আইটিচি মৌৰ্যত ‘সাগৰমন্থন: দ্য গ্ৰেট অ’চেনছ ডায়লগ’ৰ বাবে পূৰ্ব প্ৰচাৰ অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰৰ সৈতে এই প্ৰচাৰ অভিযানৰ কাৰ্যসূচী মুকলি কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “‘সাগৰমন্থন: দ্য গ্ৰেট অ’চেনছ ডায়লগ’ – সামুদ্ৰিক খণ্ডৰ বিশাল সম্ভাৱনা উন্মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অটল প্ৰতিশ্ৰুতিৰ এক নিদৰ্শন, যিয়ে সামুদ্ৰিক খণ্ডৰ অধিক বহনক্ষম বিকাশ নিশ্চিত কৰিব। এই সন্মিলনখন ভাৰতৰ এক সমৃদ্ধ সামুদ্ৰিক ভৱিষ্যতৰ বাবে বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনী সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”

অ’বজাৰ্ভাৰ ৰিছাৰ্চ ফাউণ্ডেচনৰ সভাপতি সমীৰ চৰণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অ’এছডি পি কুমাৰণ, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সান্যাল, ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মালিনী ভি. শংকৰ, জি-২০ শ্বেৰ্পা, ভাৰতৰ অমিতাভ কান্ত প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে।

২০২৪ চনৰ ১৮ আৰু ১৯ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ‘সাগৰমন্থন: দ্য গ্ৰেট অ’চেনছ ডায়লগ’ৰ উদ্বোধনী সংস্কৰণত ৭৫-১০০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। নৱেম্বৰৰ বিশাল অনুষ্ঠানত ১০ খনতকৈও অধিক দেশৰ মন্ত্ৰীৰ প্ৰতিনিধিত্ব থাকিব। এই অগ্ৰণী মঞ্চখনে ভাৰতৰ সামুদ্ৰিক ক্ষেত্ৰসমূহৰ ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে চাৰিটা মুখ্য স্তম্ভত গুৰুত্ব আৰোপ কৰিব- সংযোগ, আন্তঃগাঁথনি আৰু উন্নয়ন; প্ৰগতি আৰু নীল অৰ্থনীতিৰ বিকাশৰ বাবে অংশীদাৰিত্ব; স্থিৰতা, প্ৰযুক্তি আৰু উদ্ভাৱন; আৰু শেষত- উপকূল আৰু উপকূলীয় সম্প্ৰদায়, আৰু সামুদ্ৰিক সুশাসনৰ সামাজিক প্ৰভাৱ।

ভাৰতৰ ভৱিষ্যতৰ বাবে সামুদ্ৰিক খণ্ডৰ কৌশলগত গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি সোণোৱালে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা এই পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে আমাৰ বন্দৰসমূহৰ দক্ষতা আৰু প্ৰদৰ্শন উন্নত কৰা, জাহাজ আৰু ৰাষ্ট্ৰীয় জলপথ খণ্ডক সমৃদ্ধ কৰা, বৃহৎ সংখ্যক উপকূলীয় নিযুক্তি আৰু যুৱপ্ৰজন্মৰ দক্ষতা বিকাশ কৰা আৰু নীল অৰ্থনীতিৰ সম্পূৰ্ণ সম্ভাৱনা উন্মুক্ত কৰা ইত্যাদি। যিহেতু ভাৰতে বিশ্বৰ অন্যতম অৰ্থনৈতিক শক্তি হিচাপে উত্থান অব্যাহত ৰাখিছে, সেয়েহে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বাণিজ্য আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সামুদ্ৰিক খণ্ডৰ ভূমিকা ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে।”

ইতিমধ্যে আৰম্ভ হোৱা পূৰ্ব প্ৰচাৰ অভিযানৰ কাৰ্যসূচীত আৰ্জেণ্টিনা, আৰ্মেনিয়া, অষ্ট্ৰেলিয়া, গ্ৰীচ, ইটালী, জৰ্জিয়া, ন’ৰৱে, শ্ৰীলংকা আদি দেশৰো প্ৰতিনিধি উপস্থিত আছিল।