কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, সংযুক্ত কৃষক মৰ্চা আৰু কৰ্মচাৰী ফেডাৰেচনৰ ২৬ নৱেম্বৰত দেশজুৰি মহাবিক্ষোভ কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, সংযুক্ত কৃষক মৰ্চা, কৰ্মচাৰী ফেডাৰেচন, অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ ইউনিয়নে (যৌথ মঞ্চ) সন্মিলিতভাৱে কেবাটাও দাবী পূৰণৰ স্বাৰ্থত ২৬ নৱেম্বৰত দিনৰ ১০:০০ বজাত গুৱাহাটীৰ মেঘদূট ভৱনৰ সন্মূখত দেশজোৰা মহাবিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰিব। আৰু এই কাৰ্য্যসূচী সফল কৰি তুলিবলৈ সমগ্ৰ ৰাজ্যবাসীলৈ আজিৰ সংবাদ মেল যোগে তেওঁলোকে অসমৰ ৰাইজলৈ মুকলি আহ্বান জনায়। আজিৰ সংবাদ মেলত চিতুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, আই এন টি ইও চিৰ ৰাজ্যিক সভাপতি হিৰণ্য বৰা, চি পি আইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মুনীন মহন্ত, হিন্দ মজদুৰ সংঘৰ ৰাজ্যিক সম্পাদক কনক বৰ্মন, এ আই ইউ টি চিৰ ৰাজ্যিক সভাপতি প্ৰমোদ ভাগৱতী, অসম কৃষক সভাৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈ, কিষান মৰ্চাৰ ৰাজ্যিক সম্পাদক শিশিৰ কাকতি, ফণীধৰ দাস প্ৰমুখ্যে প্ৰায় ২২ জন লোক উপস্থিত থাকে। উল্লেখ কৰিব পাৰি যে আজি দিনৰ ১২:২০ বজাৰ পৰা ১:২০ বজালৈ চিতুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, মটৰ শ্ৰমিক মহানৰ সম্পাদক বীৰেন শৰ্মা, অসম কৃষক সভাৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈ, চি পি এমৰ জ্যেষ্ঠ নেতা ভোলা শৰ্মা, সতঞ্জিত দাস আদি নেতাৰ নেতৃত্বত, বামুণী মৈদাম, নিউ গুৱাহাটী, ইণ্ডাষ্ট্ৰীয়েল ইষ্টেট আৰু বোন্দা নাৰেঙ্গী কোম্পানীৰ শ্ৰমিক প্ৰায় ৬০ জনৰ সহযোগত ৰাইজক এই মহা বিক্ষোভ কাৰ্য্যসূচীত যোগদানৰ বাবে এটি বৃহৎ ৰেলী কৰি প্ৰচাৰ অভিযানৰ চলায়।