কেন্দ্ৰীয় গ্ৰামোন্নয়ন, কৃষি দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰ্যালোচনা কৰিলে ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন আৰু কৃষি বিভাগৰ বিভিন্ন আচঁনিৰ
সৰু সজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ ৫০হাজাৰ প্ৰধানমন্ত্ৰী আৱাস -গ্ৰামীণৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী চৌহানে
ৰঙিলী বাৰ্ত্তাসেৱা- বিভিন্ন চৰকাৰী কাৰ্যসূচীৰে অসম আৰু মেঘালয় ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গ্ৰামোন্নয়ন, কৃষি দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীৰ ভিভান্তা হোটেলত অনুষ্ঠিত এক বৈঠকত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,কৃষি বিভাগৰ দ্বাৰা ৰূপায়ন কৰি থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, কৃষি, উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিত অনুষ্ঠিত উক্ত বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় ধ্বজাবাহী আচঁনিসমূহৰ ৰূপায়নৰ পৰ্যালোচনা কৰি আঁচনিৰসমূহৰ ফলপ্ৰসূ আৰু সময়সাপেক্ষ ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ অসমত অধিকাংশ আঁচনিৰ সফল ৰূপায়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে ভৌগোলিক প্ৰত্যাহ্বানৰ সত্বেও ৰাজ্যখনৰ আঁচনিসমূহ সফলভাৱে ৰূপায়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয়৷ ভূমি আৰু জলজাত গৱেষণাৰ জৰিয়তে কৃষিৰ উৎপাদন বৃদ্ধিৰ লগতে শীতলীকৰণ ভঁৰাল, যাতায়াত আদি সমস্যা দূৰ কৰাৰ বাবে ব্যৱস্থা লব’লৈ তেওঁ চৰকাৰ তথা বিভাগক আহ্বান জনায়৷ বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডাঃ জে বি এক্কা, কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰজৌৰিয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত কীৰ্তি জল্লী , আইচিএআৰ ৰ সঞ্চালক, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন প্ৰমুখ্যে দুয়োটা বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখযোগ্য যে কাইলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ৫০,০০০ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ আৰু কৃষি বিভাগৰ দ্বাৰা কৃষি যন্ত্ৰ-পাতিৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব৷