কেন্দ্রীয় বাজেটে অসমৰ বাবে নতুন দিগন্তৰ সূচনা কৰিছেঃ মুখ্যমন্ত্ৰী

কেন্দ্রীয় বাজেটে অসমৰ বাবে নতুন দিগন্তৰ সূচনা কৰিছেঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  জনতা ভৱনস্থিত লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  সংসদত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে উত্থাপন কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোকপাত কৰি কয় যে এইবাৰৰ বাজেটত দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক সকাহ প্রদান কৰি ১২ লাখ টকালৈকে আয়কৰ আদায়ৰ পৰা সকাহ দিয়া হৈছে। বাজেটখন ভাৰতৰ মধ্যবিত্তলৈ বৃহৎ সকাহ আখ্যা দি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে মাহে এক লাখ টকালৈকে দৰমহা পোৱা কৰ্মচাৰীয়ে কোনো আয়কৰ দিব নালাগে। তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ মাহিলি দৰমহা এক লাখ টকাৰ কম। সেয়ে তেওঁলোকে আয়কৰ আদায় দিব নালাগে। উদ্যোগত কৰ্মৰত বহুতেই আয়কৰ দিব নালাগিব। দেশৰ স্বাধীনতাৰ পিছত ৬০ বছৰ শাসনত থকা কংগ্ৰেছ দলৰ চৰকাৰে আয়কৰৰ ক্ষেত্ৰত এনেদৰে জনসাধাৰণক সকাহ দিব পৰা নাছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েহে প্ৰথমতে আয়কৰ আদায়ৰ সীমা পাঁচ লাখ টকালৈ বৃদ্ধি কৰে। পৰৱৰ্তী পর্যায়ত সাত লাখ টকালৈ বৃদ্ধি কৰে আৰু এতিয়া সেয়া ১২ লাখ টকালৈ বৃদ্ধি কৰিলে। উদ্যোগীকৰণৰ ক্ষেত্ৰতো এই বাজেটে বিশেষ ভাল খবৰ ৰাজ্যখনলৈ কঢ়িয়াই অনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এইবাৰ কেন্দ্রীয় বাজেটে অসমৰ বাবে নতুন দিগন্তৰ সূচনা কৰিছে। প্রধানমন্ত্রীয়ে অসমৰ নামৰূপত প্রায় ১৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ ১২.৭ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ প্ৰগতিৰ বাবে ইমান বৃহৎ যুগান্তকাৰী সিদ্ধান্ত আগতে কোনো প্রধানমন্ত্রীয়ে ল’ব পৰা নাছিল। নামৰূপত স্থাপন হ’বলগীয়া এই সাৰ কাৰখানাটো সম্পূর্ণ নতুন সাৰ কাৰখানা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইয়াত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব। সেইদৰে আজিৰ বাজেটত অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰই নিৰন্তৰ সহযোগিতাৰ কথাও ঘোষণা কৰিছে। বাজেটখন সন্দৰ্ভত আলোকপাত কৰি মুখ্যমন্ত্রীগৰাকীয়ে শর্মাই কয় যে এইবাৰৰ বাজেটত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৯.৭ শতাংশ জিডিপি বিকাশৰ বিপৰীতে ১০.১ শতাংশ জিডিপি বিকাশ ধার্য কৰা হৈছে। বিত্তীয় ঘাটি ৪.৮ শতাংশৰ পৰা ৪.৪ শতাংশলৈ হ্রাস কৰা হৈছে। মূলধনী ব্যয় যোৱাবাৰৰ ১০ লাখ কোটি টকাৰ পৰা ১১ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। সেইদৰে ভাৰত চৰকাৰে ১১ লাখ কোটি টকা ঋণ লৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন উন্নয়নমূলক কামত ব্যয় কৰিব। ২০২৪-২৫ বৰ্ষত অসমে কেন্দ্ৰৰ পৰা ৪০ হাজাৰ কোটি টকা পুঁজি লাভ কৰাৰ বিপৰীতে এইবাৰৰ বাজেটত ৪৪,৫০০ কোটি টকা ধার্য কৰিছে। কেন্দ্ৰীয় চৰকাৰে সুদবিহীনভাবে ৫০ বছৰৰ বাবে ৰাজ্য চৰকাৰক যি ঋণ দিয়াৰ ব্যৱস্থা আছে তাৰ বাবে এইবাৰৰ বাজেটত ডেৰশ লাখ কোটি টকা ধাৰ্য কৰিছে। ফলত ৰাজ্য চৰকাৰসমূহৰ মূলধনী ব্যয় বৃদ্ধি পাব। বাজেটখনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, সাৰ আৰু ৰসায়ন মন্ত্রী জে পি নাড্ডা, বিত্তমন্ত্রী নির্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমবাসীৰ সপোনতকৈ দুখোজ আগুৱাই প্রধানমন্ত্রী মোদীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰিছে। আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বাজেটখনক কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশৰ অৰ্থনীতিৰ ওপৰত ৰাহুল গান্ধীৰ জ্ঞান শূন্য। ইপিনে, এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰু ৭৫ হাজাৰ যুৱক-যুৱতীক দুই লাখ টকাকৈ প্ৰদানৰ বাবে আবেদন কৰাৰ প’ৰ্টেল আনুষ্ঠানিকভাবে মুকলি কৰে। ইতিমধ্যে যোৱা বছৰত চৰকাৰে এই আঁচনিখনৰ অধীনত ২৫ হাজাৰ যুৱক-যুৱতীক এক লাখ টকাকৈ প্রদান কৰিছে। বাকী ৭৫ হাজাৰক সেই ধন প্ৰদানৰ বাবে যোৱা বছৰত চৰকাৰে পঞ্জীয়নৰ ব্যৱস্থা কৰে আৰু আবেদনৰ বাবে প’র্টেল মুকলি কৰি দিয়ে। সেইদৰে এই অনুষ্ঠানতে ৰাজহ বিভাগৰ দুটা গুৰুত্বপূর্ণ সংস্কাৰৰো পদক্ষেপ গ্রহণ কৰে। সম্পত্তিৰ লেনদেনৰ ক্ষেত্ৰত ডিডৰ প্রয়োজন হয়। পূর্বতে এই ব্যবস্থা মেনুৱেল হৈ থকা বাবে বিভিন্ন ধৰণৰ খেলিমেলি পঞ্জীয়নৰ সময়ছোৱাত সংঘটিত হৈছিল। এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ই ডিডৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু সমগ্র প্রক্রিয়াটো ইলেক্ট্রনিক পঞ্জীয়ন হ’ব। একেদৰে ৰাজহ সম্পর্কীয় গোচৰ নিষ্পত্তিৰ ক্ষেত্রতো প’ৰ্টেলৰ ব্যৱস্থা কৰে। এতিয়াৰে পৰা ৰাজহ সম্পৰ্কীয় গোচৰৰ ক্ষেত্ৰত পঞ্জীয়নৰ পৰা ৰায়লৈকে সকলো প’র্টেলত উপলব্ধ হ’ব।