কেন্দ্রীয় বাজেটত সোণৰ আবকাৰী শুল্ক হ্রাস কৰাৰ এদিনতে ১০.৮ লাখ কোটি টকাৰ মূল্য হেৰুৱালে সোণে
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় বাজেট ২০২৪-২৫ত সোণৰ আবকাৰী শুল্ক ৬ শতাংশ হ্রাস কৰাৰ লগে লগে মূল্যবান সোণৰ মূল্য ইমানেই হ্রাস পালে যে এদিনতে ১০.৮ লাখ কোটি টকাৰ মূল্য হেৰুৱাবলগীয়া হ’ল সোণে। কেন্দ্ৰীয় চৰকাৰে ২৩ জুলাইত দাখিল কৰা বাজেটত সোণৰ আবকাৰী শুল্ক ৬ শতাংশ হ্ৰাসৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে প্ৰতিগৰাকী ভাৰতীয়ৰ ঘৰত থকা সোণৰ মূল্য হ্রাস পালে, আনকি বজাৰত থকা সোণৰ মূল্যও হ্রাস পায়। বাজেটেই সোণৰ ক’লা দিৱসলৈ ৰূপান্তৰিত কৰিলে। ভাৰত হৈছে বিশ্বৰ বৃহত্তম সোণৰ ভঁৰাল থকা দেশ। প্ৰতিটো পৰিয়ালতে সোণ থাকে, সোণৰ আ-অলংকাৰ থাকে, চৰকাৰে সোণৰ আবকাৰী মূল্য হ্রাস কৰাৰ বাবে পৰিয়ালত থকা জমা সোণৰ মূল্যও হ্রাস পালে। তুলনামূলকভাবে সোণৰ মূল্য হ্রাস হোৱাত প্ৰতিটো পৰিয়ালৰ সম্পত্তিৰো মূল্য হ্রাস পালে। সমগ্ৰ বিশ্বৰ সোণৰ ভিতৰত ভাৰতৰ পৰিয়ালত থকা সোণৰ ভঁৰাল প্রায় ১১ শতাংশ। আমেৰিকা যুক্তৰাষ্ট্ৰ, জার্মানী, ছুইজাৰলেণ্ডৰ দৰে উন্নত দেশ আৰু আইএমএফত থকা সোণৰ ভঁৰালতকৈও ভাৰতত প্ৰতিটো পৰিয়ালত থকা সোণৰ মুঠ সংগ্ৰহ অধিক। বাজেট দাখিলৰ পিছতে সোণৰ মূল্য প্রতি দহ গ্রামত ৫,০০০ টকাকৈ হ্রাস পায়। ইয়াৰ পৰিণতিত বজাৰত থকা সোণৰো মূল্য হ্রাস পায়। ঠিক তেনেদৰে প্ৰতিটো পৰিয়ালত থকা সোণৰ মূল্যও এনে হাৰতেই হ্রাস পায়। সোণৰ মূল্য হ্রাস পোৱাৰ পিছত সোণৰ জৰিয়তে লাভ কৰা ঋণৰ পৰিমাণো কমি যায়। এনে ক্ষেত্রত সোণ ৰাখি ঋণ প্রদান কৰা কোম্পানীসমূহেও লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিছে। তথ্য মতে, ভাৰতীয় পৰিয়াল আৰু মন্দিৰত ৩০,০০০তকৈ অধিক টন সোণ আছে। এই সোণৰ মূল্য হ্রাস পোৱাত এদিনতে ১০.৮ লাখ টকা সোণে হেৰুৱাবলগীয়া হয়। লক্ষণীয় যে বাজেটত সোণৰ আবকাৰী মূল্য হ্রাস পোৱাৰ পৰিপ্ৰেক্ষিতত চোৰাং সোণৰ বেপাৰৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ নে নেতিবাচক প্ৰভাৱ পৰে, সেয়া নিশ্চিত নহয়। ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰে সোণৰ জৰিয়তে সংগ্ৰহ কৰি থকা ৰাজহ হ্রাস কৰাৰ পিছত কিমানখিনি ৰাজহ সংগ্রহ হ’ব, তাক লৈও চৰ্চাৰ বিষয়। কিয়নো ভাৰতে বৃহৎ পৰিমাণৰ সোণ আমদানি কৰে।