কেগৰ প্ৰতিবেদনৰ আধাৰত যদি কেজৰিৱাল গ্ৰেপ্তাৰ হ’ব পাৰে, তেনেহ’লে একেই প্ৰতিবেদনৰ আধাৰত কিয় গ্ৰেপ্তাৰ নহ’ব আনন্দ নটৰাজনসহ কয়লা কেলেংকাৰীৰ অপৰাধীসকল: জগদীশ ভূঞা

কেগৰ প্ৰতিবেদনৰ আধাৰত যদি কেজৰিৱাল গ্ৰেপ্তাৰ হ’ব পাৰে, তেনেহ’লে একেই প্ৰতিবেদনৰ আধাৰত কিয় গ্ৰেপ্তাৰ নহ’ব আনন্দ নটৰাজনসহ কয়লা কেলেংকাৰীৰ অপৰাধীসকল: জগদীশ ভূঞা
বিধান সভাত দিয়া চৰকাৰী স্বীকাৰোক্তিয়ে স্পষ্ট কৰে আচল ছবি

ৰঙিলী বাৰ্ত্তাসেৱা- কেগৰ প্ৰতিবেদনৰ আধাৰত যদি দিল্লীৰ সুৰা কেলেংকাৰীৰ বাবে ৰাজ্যখনৰ তদানিন্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ’ব পাৰে, তেনেহ’লে একেই কেগৰ প্ৰতিবেদনৰ আধাৰত অসমৰ কয়লা কেলেংকাৰীত জড়িতসকল কিয় গ্ৰেপ্তাৰ কৰা নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই।  দলটোৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত ভূঞাই কয় যে অসমত ২৬৩টা অবৈধ কয়লা খনি আছে বুলি বিভাগীয় মন্ত্ৰীয়ে অসম বিধান সভাত স্বীকাৰ কৰিছে। কিন্তু অবৈধ খনিসমূহ চলাই থকা লোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাটো আশ্চৰ্য্যজনক। উক্ত অবৈধ কয়লা খনিসমূহ চলোৱাৰ অনুমতি দিয়া অসম খনি উন্নয়ন নিগম চমুকৈ এ এম ডি চিৰ তদানিন্তন পৰিচালন সঞ্চালক আনন্দ নটৰাজনৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে তেওঁক সসন্মানে নিজৰ মূল বিভাগ বন বিভাগলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিলে। একেদৰে উক্ত খনিসমূহ চলোৱাৰ সুযোগ দিয়া ডিমা হাছাও, কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বন বিষয়াসহ সংশ্লিষ্ট দায়িত্বাধিকাৰীসকলৰ বিৰুদ্ধেও চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। ভূঞাই কয় যে দিল্লীৰ সুৰা কেলেংকাৰী দিল্লীৰ সেই সময়ৰ ৰাজ্য চৰকাৰৰ জ্ঞাতসাৰে সংঘটিত হোৱা বুলি কেগৰ প্ৰতিবেগনত উল্লেখ থকা কথাটোকে আধাৰ হিচাপে লৈ দিল্লীৰ তেতিয়াৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু অসমত এ এম ডি চিয়ে প্ৰয়োজনীয় অনুমোদন নোলোৱাকৈ বেআইনীভাৱে কয়লা খননৰ অনুমোদন দিয়া বুলি ২০২২-২৩ আৰু ২০২৩-২৪ দুয়ো বৰ্ষৰ কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কিন্তু তৎস্বত্বেও নটৰাজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। ইয়াৰ পৰাই কয়লা কেলেংকাৰীৰ সৈতে ৰাজ্য চৰকাৰৰ শীৰ্ষ মহল জড়িত থকাটো স্পষ্ট হয় বুলি ভূঞাই মত প্ৰকাশ কৰে।