কেইমিনিটমানৰ ভিতৰতে শেষ ভাৰত-পাকিস্তানৰ মেচৰ টিকট
ৰঙিলী বাৰ্ত্তাসেৱা- মুহূৰ্ততে শেষ হ’ল আইচিচি চেম্পিয়নছ ট্ৰফীৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভ’ল্টেজ মেচখনৰ সকলো টিকট।সোমবাৰে মেচখনৰ টিকট অনলাইনত মুকলি কৰি দিয়া হয় যদিও মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে বহু প্রতীক্ষিত মেচখনৰ সকলো টিকট শেষ হয়।চেম্পিয়নছ ট্ৰফীৰ প্রতিযোগিতাখনৰ ভাৰত-পাকিস্তানৰ মেচখনেই হ’ল প্ৰথম মেচ, যিখনৰ সকলো টিকট ইতিমধ্যে বিক্রী হয়। ২৩ ফেব্ৰুৱাৰীত ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাইভ’ল্টেজ মেচখনৰ টিকট ক্ৰয়ৰ বাবে সহস্রাধিক অনুৰাগীয়ে শাৰী পাতিছিল যদিও হতাশ মনেৰে উভতি যাবলগীয়া হয়। চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মেচখনৰ টিকটৰ দাম আকাশলংঘী হ’ব বুলি ধাৰণা কৰা হৈছিল। মেচখনৰ জেনেৰেল কেটেগ’ৰীৰ টিকটৰ মূল্য আছিল ভাৰতীয় মুদ্রাত ২,৯৬৪ টকা। ইপিনে, প্লেটিনাম লাউঞ্জৰ মূল্য ভাৰতীয় মুদ্রাত ৪৯ হাজাৰ টকা, গ্ৰেণ্ড লাউঞ্জৰ মূল্য ভাৰতীয় মুদ্রাত প্রায় ১ লাখ ১৮ হাজাৰ টকা। ডুবাই ষ্টেডিয়ামত ২৫ হাজাৰ দর্শকে খেল উপভোগ কৰাৰ সুবিধা আছে। কিন্তু হাইভ’ল্টেজ মেচখন উপভোগ কৰাৰ বাবে কমেও ১ লাখ ৫০ হাজাৰ ক্রিকেট অনুৰাগীয়ে ৱেবছাইটত ভিৰ কৰিছিল টিকট ক্ৰয়ৰ বাবে। ডুবাইৰ টিকট বিক্রী কেন্দ্ৰতো ভাৰত-পাকৰ মেচখনৰ টিকট ক্ৰয়ৰ বাবে সহস্রাধিক অনুৰাগীয়ে শাৰী পাতিছিল যদিও মেচখনৰ টিকট কম সময়ৰ ভিতৰতে বিক্ৰী হৈ যোৱাত নিৰাশ মনেৰে ঘৰমুৱা হয় অনুৰাগীসকল।