কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেলেংকাৰী সন্দৰ্ভত অসম তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যপালক স্মাৰক পত্ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ নেতৃত্বত যোৱা এক প্ৰতিনিধি দলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কিছু অনিয়মৰ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীৰ বিৰুদ্ধে বয়স ফাকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীত নাম সাঙোৰ খাই পৰা মৃদুল হাজৰিকা উক্ত বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ কেনেদৰে সদস্য হিচাপে আজিও কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ সক্ষম হৈছে বুলি স্মাৰক পত্ৰৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে৷আনহাতে সমগ্ৰ অনিয়মৰ আঁৰত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আশীৰ্বাদ থকা বুলিও বন্দীপ দত্তই সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰে।এইদৰে একাংশ মুখা পিন্ধা শিক্ষাবিদে অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটোক পংগু কৰিব বিচৰা বুলি মন্তব্য কৰি দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায়।স্মাৰক পত্ৰৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুকম্পামূলক নিযুক্তিপ্ৰাপ্তৰ চাকৰি দীৰ্ঘ দিনৰ পৰা নিয়মীয়াকৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায় অসম তৃণমূল যুৱ কংগ্ৰেছে।নিজকে দক্ষ বুলি পৰিচয় দিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থকাৰ পৰাই এই অনিয়ম সমূহ কেনেদৰে চলি থাকিবলৈ পাৰিলে বুলি বন্দীপ দত্তই কটাক্ষ কৰে?ৰাজ্যপাল কাটাৰিয়াই বিষয়সমূহ পৰ্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলি সাংবাদিকৰ আগত বন্দীপ দত্তই সদৰি কৰে।