কৃষি পথাৰ ধ্বংস কৰি উদ্যোগ স্থাপন কৰিবলৈ দিয়া নহ’ব – ৰাজীৱ শইকীয়া
কৃষি অনুপযোগী মাটিতহে উদ্যোগ স্থাপনৰ দাবী আপৰ
ৰঙিলী বাৰ্ত্তাসেৱা- এডভাণ্টেজ অসম কাৰ্যসূচীৰ যোগেদি অসমত বিনিয়োগ কৰিবৰ বাবে বিনিয়োগকাৰীসকলৰ সৈতে অসম চৰকাৰৰে হোৱা চুক্তিক আম আদমি পাৰ্ট, অসমে আদৰণি জনাইছে ৷ অন্যহাতে একে সময়তে এই সম্পৰ্কত দলৰ স্থিতি স্পষ্ট কৰিছে আম আদমি পাৰ্টী, অসমে ৷এক প্ৰেছ বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই ৰাজ্য চৰকাৰক স্পষ্ট কৰি দি কয় , “আম আদমী পাৰ্টিয়ে ৰাজ্যখনত ব্যাপক উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ লগতে থলুৱা নিবনুৱাৰ সংস্থাপনৰ দাবী জনায়। চৰকাৰৰ উদ্যোগ স্থাপনৰ নীতি আমি সমৰ্থন কৰোঁ। কিন্তু জধে – মধে কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি আৰু বনাঞ্চল ধ্বংস কৰি উদ্যোগ স্থাপন কৰিব বিচাৰিলে তাক আম আদমি পাৰ্টী, অসমে বিৰোধিতা কৰিব ৷ ” বিগত প্ৰায় ৮ বছৰে বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্যখনত উদ্যোগ স্থাপন আৰু অন্যান্য নিৰ্মাণ কাৰ্যত ১৫ হাজাৰ হেক্টৰ কৃষি ভূমি হ্ৰাস হৈছে বুলি উদ্বেগ প্ৰকাশ কৰি আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) গৰাকীয়ে কয়, কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা নীতি বন্ধ নকৰিলে কৃষি প্ৰধান ৰাজ্য অসম উদ্যোগ প্ৰধান ৰাজ্যত পৰিণত হ’ব, যাৰ ফলত কৃষক ৰাইজ ক্ষতিগ্ৰস্ত হ’ব ৷ অন্যহাতে বিগত দিনবোৰত ৰাজ্যত উদ্যোগ স্থাপন আৰু অন্যান্য নিৰ্মাণ কাৰ্যৰ ফলত বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাইছে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰি আপৰ নেতাজনে কয়, বনাঞ্চল ধ্বংসৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতাত আঘাত পৰিছে ৷ এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আম আদমি পাৰ্টী, অসমে অসম চৰকাৰক সকীয়াই দিছে ৷ এই সমগ্ৰ বিষয়টোত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই আম আদমি পাৰ্টী, অসমে কৃষি ভূমিৰ পৰিৱৰ্তে কৃষি অনুপযোগী মাটিত উদ্যোগ স্থাপন আৰু নিৰ্মাণ কাৰ্য কৰিবলৈ দাবী জনায় ৷