কৃষিৰ লগত চিৰদিনীয়া সম্পৰ্ক বিহুৰ – কমলেশ কাঞ্চন

PC - eastmojo

কৃষিৰ লগত চিৰদিনীয়া সম্পৰ্ক বিহুৰ

কমলেশ কাঞ্চন

প্ৰাচীন কালৰে পৰা অসমীয়া জনজীৱনত বিহুই এক সুকীয়া স্থান দখল কৰি আহিছে। ভাৰতৰ বাকী ৰাজ্যৰ তুলনাত অসমৰ জনগাঁথনি বহুত বেলেগ। নানা জাতি-জনজাতিৰে ভৰপুৰ আমাৰ অসম ৰাজ্য। আৰু প্ৰায় সংখ্যক জাতি- জনগোষ্ঠীয়ে সুকীয়া সুকীয়া নামেৰে বিহু উদযাপন কৰি আহিছে। পুৰণি পথাৰৰ মাজৰ আঁহতৰ তলৰ বিহু এতিয়া চহৰৰ মঞ্চত। সময়ৰ সৈতে বিহু উদযাপনৰ শৈলীও সলনি হৈছে। তথাপিও অসমৰ জাতীয় উৎসৱ বিহু সম্পূৰ্ণৰূপে গাঁৱৰ কৃষক সমাজৰ পৰা আঁতৰি আহিছে বুলি কোৱাটো ভুল হ’ব। এতিয়াও অসমৰ বহু গাঁৱ অঞ্চলত বিহুক কৃষিৰ লগত সম্পৰ্ক ৰাখিয়ে উদযাপন কৰা হয়। মুকলি খেল পথাৰত গছৰ তলত এতিয়াও মুকলি বিহু উদযাপন কৰাৰ বহুতো উদাহৰণ আছে। ৰঙালী বিহুৰ আৰম্ভণিতে গৰু বিহু পালন কৰা হয়। সেইদিনাখন গৰুক গা ধুৱাই বিভিন্ন ৰীতি-নীতিৰে লাও-বেঙেনা খুৱাই বা দলিয়াই সন্ধিয়া নতুন পঘাৰে গোহালিত বান্ধি থোৱা হয়। কৃষকৰ বাবে গৰুৱে হ’ল প্ৰধান সম্বল। গৰু অবিহনে খেতি কৰাটো অসম্ভৱ। সেয়েহে গৰুক লৈ অসমীয়া সমাজে পূজা-পাতলো কৰা দেখা যায়। অৱশ্যে বৰ্তমান বিজ্ঞানৰ যুগত পথাৰত গৰুৰ সলনি ট্ৰেক্টৰেৰে হাল বোৱাও দেখা যায়। সেইবুলি গৰুৰ গুৰুত্ব একেবাৰে কমি গৈছে বুলি ক’ব নোৱাৰি। ঠিক সেইদৰে কঙালী বিহু খেতি পথাৰত যেতিয়া ধান খেতিত নতুনকৈ ধান ওলাবলৈ আৰম্ভ কৰে তেতিয়াই উদযাপন কৰা হয়। একেই কথা ভোগালী বিহুৰ ক্ষেত্রটো প্ৰযোজ্য হয়। পথাৰৰ ধানে যেতিয়া ঘৰৰ ভঁৰালত স্থান লয় তেতিয়া ভোগৰ পৰ্ব হিচাপে ভোগালী বিহু পালন কৰা হয়। গতিকে প্ৰত্যেকটো বিহুই এতিয়াও কৃষিৰ লগত সম্পৰ্কিত হৈ আছে। অৱশ্যে সময়ৰ সৈতে অসমৰ বিহু উৎসৱৰো বিভিন্ন ক্ষেত্রত পৰিৱৰ্তন আহিছে। বিশ্বায়নৰ যুগত অকল বিহু বুলিয়ে নহয় বহুতো ক্ষেত্রত পৰিৱৰ্তন আহিছে। অৱশ্যে বিহু কৃষিৰ লগত জড়িত উৎসৱ হ’লেও অকল কঙালী বিহুৰ সময়তহে পথাৰত ধান খেতি ওপচি থাকে। বাকী সময়ত ধান খেতি নাথাকে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহ এতিয়া কৃষিৰ বাহিৰে অন্য বৃত্তিৰ ওপৰটো নিৰ্ভৰশীল হৈছে। কিন্তু প্ৰত্যেকৰে প্ৰাচীন কালৰে পৰা চলি অহা কৃষি কাৰ্যৰ লগত এটা সম্পৰ্ক আছে। সেয়েহে বিহু বুলিলে অসমীয়াৰ মন সদায় সাতখন-আঠখন কৰে। আৰু অতি আনন্দৰে বিহু উৎসৱ পালন কৰে।