কৃষক মুক্তি সংগ্রাম সমিতি অসমৰ ’জাতীয় সম্প্রীতি বঁটা’ প্ৰদান বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক

কৃষক মুক্তি সংগ্রাম সমিতি অসমৰ ’জাতীয় সম্প্রীতি বঁটা’ প্ৰদান বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক

ৰঙিলী বাৰ্ত্তাসেৱা-  কৃষক মুক্তি সংগ্ৰাম সমিতি,অসমৰ উদ্যোগত শান্তিপুৰত বিশিষ্ট বুদ্ধিজীৱি, সাংবাদিক হাইদৰ হুছেইনক “জাতীয় সম্প্রীতি বঁটা” প্ৰদান কৰে৷হাইদৰ হুছেইনৰ শান্তিপুৰস্থিত নিজা বাসগৃহত প্ৰদান কৰা হয় এই বঁটা।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হয় এই বঁটা।বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ,বিশিষ্ট লেখক ময়ূৰ বৰা,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি/সম্পাদক,ৰাইজৰ দলৰ বিষয়ববীয়া সকল।লগতে উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অখিল ৰঞ্জন দত্ত,প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য্য হাজৰিকা, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, অচ্যুত পাটোৱাৰী,জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ , সাদিন প্ৰতিদিনৰ স্বত্তাধীকাৰী জয়ন্ত বৰুৱা৷অনুষ্ঠানত জয়ন্ত বৰুৱাই কয় যে হাইদৰ হুছেইনে এটা নতুন দিশ দেখুৱাই আহিছে আৰু সেই বাটেৰেই সাদিন, প্ৰতিদিন গোষ্ঠী আগুৱাইছে। KMSS ক ধন্যবাদ আৰু হুছেইনক অভিনন্দন জনাই অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা অধ্যক্ষ জয়ন্ত বৰুৱাই৷এটা সবল ভূমিকা পালন কৰিছে KMSS এ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰথম বাৰৰ বাবে প্ৰদান কৰা এই বঁটাটোত আছে গামোচা, চেলেং, শৰাই,জাপি, মানপত্ৰ।