কৃষকৰ সপোন – ৰুমী কলিতা দত্ত

কৃষকৰ সপোন
ৰুমী কলিতা দত্ত
 ২ নং কেন্দুগুৰি
কৃষকজনে চহালে -মৈয়ালে
মাটি হ’ল মিহি
এজাক সপোনে আহি
তাতে হ’ল লুতুৰি-পুতুৰি ।
কোনে বজালে সুঁহুৰি
সেউজীয়া পথাৰো হয় চহকী
কঙালীয়ে টঙালি বান্ধে
আঘোণে ভৰ পক মাৰে ।
এজাক প্ৰেমিক চৰায়ে আহি
তুলি ফুৰে সোণগুটি,
ডাঙৰিৰ ভৰত বিৰিয়াই খায়
বাৰে বাৰে উজুটি ।
অচিন ধুমুহাৰ পাকচক্ৰত পৰি
ৰং সৰিল আবেলি
কাঁচিৰ চিকমিকনিত
উশাহে গ’ল হৃদয় জোঁকাৰি ।