কৃত্ৰিম আত্মীয়তা – নাচিমা য়াচমিন

PC - Wallpeper Flare

কৃত্ৰিম আত্মীয়তা

 নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

গোটেই ঘৰখনত উলহ মালহৰ পৰিৱেশ। ওচৰ চুবুৰীয়া, সম্পৰ্কীয় মানু্হবোৰ সকলোৱে আহি সৰু পজাটি ভৰাই তুলিছে। সকলোৰে আনন্দৰ সীমা নাই। গা সাতখন আঠ খনৰ দৰে অৱস্থা।  তেনেই সৰু, শিক্ষিতৰ হাৰ নিম্ন গাঁওখনত মূহুৰ্ততেই জুইৰ দৰে খবৰটি বিয়পি পৰাৰ লগে লগে সকলোৱে আহি ঘৰ খনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে।

মাত্ৰ জীৱনৰ প্রথম পাঁচটা সুন্দৰ বছৰ জন্মদাতা পিতৃৰ লগত অতিবাহিত কৰাৰ সুখ পোৱা চাবনাম খান নিজৰ মাতৃৰ অশেষ ধৰ্য্য আৰু কষ্টৰ বলত ডাঙৰ দীঘল হৈছিল।   সৰু দোকান এটা দি মাক – জীয়েকে যেনে তেনে দিনবোৰ নিয়াব ধৰিছিল। গাওঁখনৰ অৱস্থা তেনেই শোচনীয়।  পঢ়া শুনাৰ বাবে কোনো সুচল ব্যৱস্থা নাই।

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি চাবনামে বহু দূৰ চাইকেল চলাই চহৰত অৱস্থিত হাইস্কুলীয়া শিক্ষা লাভৰ বাবে  যাবলৈ ধৰিলে।

একান্ত আগ্ৰহী মনোবলৰ চাবনামে মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে অৱতীৰ্ণ হয়। গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনে। কিছুমানৰ বাবে চাবনাম ভাল, মেধা গুণৰ উদাহৰণ হিচাবে অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে কিছুমান আত্মীয় সকলে নানান কথাৰে মাকক ঠাট্টা কৰিবলৈ নেৰিলে। ছোৱালী এজনীৰ ইমান দূৰত গৈ পঢ়াৰ কি দৰকাৰ? দূৰৰ হোষ্টেলত গৈ থাকি পৰিয়ালৰ নাক কাণ কটা কাম এটা কৰিলে পিছত সমাজত মুখ দেখাব নোৱাৰা হ’ব বুলি খুৰী, বৰমা, মাহী সকলে মাকক বুজনি দি থাকিল।

কিন্তু মাক আঁকোৰ গোঁজ। তেওঁ নিজৰ একমাত্ৰ সন্তানক ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিব। তেওঁৰ ইমান দিনৰ কষ্ট বিফলে যাব নোৱাৰে।

ভৱিষ্যত চিন্তা ত্যাগ কৰি , নিজৰ স্বামীৰ শেষ স্মৃতিবোৰৰ এটি এটি অংশ নিজৰ বুকুৰ পৰা দূৰলৈ পঠিয়াই মাকে অইনৰ হাতত তুলি দিছিল কলিজাটো পাথৰ কৰি। মাটি বাৰী যিমান যি আছিল নিজৰ আৰু সন্তানৰ সুৰক্ষাৰ হেতুকে, সকলো বিক্ৰী কৰি হ’লেও নিজৰ ছোৱালী জনীক চহৰৰ ভাল কলেজ এখনত নামভৰ্তি কৰি দিলে। হোষ্টেলৰ লগতে যাৱতীয় খৰছবোৰ তালি টোপোলা মাৰি উলিয়াবলৈ মাকে দুবেলা ভাত এমুঠিও পেট পুৰাই খোৱা এৰি দিলে।

সন্মুখত একমাত্ৰ লক্ষ্য – নিজৰ ছোৱালী জনী যাতে কোনো অসুবিধা নাপায়। তাইৰ পঢ়া শুনাত যাতে কোনো ব্যাঘাত নজন্মে। ইমান বছৰৰ কঠোৰ তপস্যাৰ বলত মাকে আজি সুখৰ মুখ দেখিছে। তেওঁৰ সকলো কষ্ট নিমিষতে নাইকীয়া হৈ পৰিছে। ইমান দিনে বুকুত কঢ়িয়াই লৈ ফুৰা সপোন আজি বাস্তৱত ৰূপান্তৰিত হৈছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত (APSC) চাবনামে সৌগৌৰৱেৰে স্থান দখল কৰি গাওঁখনৰ লগতে গোটেই অসমখনত নিজৰ নাম উজ্জ্বল কৰিছে।

ইমান দিনে মাক জীয়েকৰ ভাল- বেয়া খবৰ এটা নোলোৱা আত্মীয়ৰে  আজি চাবনামৰ ঘৰখন ভৰি আছে। তেঁওলোকৰ মুখত তাইৰ গুণ গান গোৱা কমাৰ নামেই নলয়। সকলোৱে আহি নিজৰ নিজৰ চিনাকী দিয়াত ব্যস্ত। খুৰা, মামা, মাহী, পেহী আৰু কত যে কি,,, তাই বিৰক্ত হোৱাৰ সলনি এক দীৰ্ঘ হুমূ্নিয়াহ কাঢ়িলে। তাই সকলো বুজি পায়,,, কোনে কৃত্ৰিম আত্মীয়তা দেখুৱাইছে, কোন সঁচাকৈয়ে আপোন। এই খন পৃথিৱীত আত্মীয়ৰ সংখ্যা তেতিয়ালৈকে বাঢ়ি নাযায় যেতিয়ালৈকে আমি জীৱন পথত সফল হ’ব নোৱাৰোঁ।

এক কথাত সফলতাই আমাক অচিনাকী আত্মীয়ৰ সৈতে চিনাকি কৰাই দিয়ে,, সেইয়া পোন প্ৰথমবাৰৰ বাবেই নহওঁক কিয়,,,!অসফল আত্মীয় এজনৰ লগত খুন্দিয়াই গ’লেও কুকুৰিকণা ৰোগীৰ দৰে আঁতৰি যায়। এৰা, এইয়াই মানৱ জীৱন ।