কৃত্রিম
মিহিৰ মৌচুম ৰয়
ৰাতিটো একাষৰীয়া কৰি থৈ
ওলাই অহা সূর্য্যটোলৈ চালে এনে লাগে
কোনোবাই যেন সাজি এৰি দিছে
আকাশলৈ দুৰ্বাৰ ইচ্ছাৰে
আহো নাহো কৈ হুৰহুৰাই অহা
আপদীয়া বৰষুণজাক
কোনোবাই যেন সজাই পৰাই পঠিয়াই দিয়ে
আমাৰ কাষলৈ
এই যে বন্ধ কোঠালিত আৱদ্ধ বতাহজাকৰ কণ্ঠত
নীৰৱতাৰ হেঁপাহবোৰ ৰৈ ৰৈ উচুঁপি থাকে
মুকলি হৈ বব খোজে ক্ৰমাৎ হেৰাই গৈ থকা
পথাৰেৰে
ঐতিহাসিক নৈখন খান্দি খান্দি
মানুহে ন-কৈ সাজিলে
উশাহ সলনি কৰিব নোৱাৰি
গুজৰি গুমৰি গাওঁ-চহৰ ভাঙে
এই যে আমাৰ ইচ্ছাবোৰ, মনবোৰ, সপোনবোৰ
সকলো সাজি লোৱা
যেনেকৈ মোৰ কবিতাৰ শব্দবোৰ
সাজি সাজি
সাজি উলিওৱা।