কিষাণ বিকাশ পত্ৰ (KVP)কি আৰু ইয়াত কিদৰে বিনিয়োগ কৰিব পাৰি? – ড° দিলোৱাৰ হক

কিষাণ বিকাশ পত্ৰ (KVP)কি আৰু ইয়াত কিদৰে বিনিয়োগ কৰিব পাৰি?

ড° দিলোৱাৰ হক
সহযোগী অধ্যাপক আৰু বিভাগীয় মূৰব্বী, অৰ্থনীতি বিভাগ
ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়,গুৱাহাটী

কিষাণ বিকাশ পত্ৰ হৈছে মূলত:  ক্ষুদ্ৰ বিনিয়োগকাৰীক লক্ষ্য কৰি প্ৰৱৰ্তন কৰা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত এক সঞ্চয় আঁচনি।এই আঁচনিয়ে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বিনিয়োগকাৰীৰ বিনিয়োগৰ ধন দুগুণ কৰাৰ নিশ্চিত আৰু নিৰাপদ উপায় আগবঢ়ায়।এই আঁচনিখন পোন প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত প্ৰৱৰ্তন কৰা হৈছিল।২০১১ চনত এই আচঁনিখন বন্ধ কৰি দিয়া হৈছিল।গ্ৰাম্য আৰু অৰ্ধনগৰীয়া জনসাধাৰণৰ মাজত সঞ্চয় আৰু বিনিয়োগক উৎসাহিত কৰিবলৈ ২০১৪ চনত কিষাণ বিকাশ পত্ৰ আঁচনিখনৰ কিছু সাল-সলনি সাধন কৰি পুনৰ প্ৰৱৰ্তন কৰা হয়।কিষাণ বিকাশ পত্ৰত বিনিয়োগকাৰীয়ে কৰা বিনিয়োগৰ ধন কম বিপদজনক প্ৰকৃতিৰ হয়।এই আঁচনিখন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আৰু চৰকাৰী নিশ্চয়তা প্ৰাপ্ত হয়। চৰকাৰৰ দ্বাৰা সমৰ্থিত আৰু নিশ্চয়তা প্ৰাপ্ত হোৱাৰ উপৰিও পৰিপক্কৰ (মেচিউৰিটিৰ) কালত লাভ কৰা উপাৰ্জনৰ ধন কৰ মুক্ত হোৱা বাবে এই আঁচনিখন ক্ষুদ্ৰ সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত জনপ্ৰিয় হয়।

কিষাণ বিকাশ পত্ৰত কেনেকৈ বিনিয়োগ কৰিব:

কিষাণ বিকাশপত্ৰ (কেভিপি)ত বিনিয়োগ কৰাটো সহজ আৰু সুলভ।বিনিয়োগকাৰীয়ে সমগ্ৰ ভাৰতৰ যিকোনো ডাকঘৰৰ পৰা বা অনুমোদিত বাণিজ্যিক বেংকৰ জৰিয়তে কিষাণ বিকাশ পত্ৰ (কেভিপি) প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰিব।আবেদন প্ৰক্ৰিয়াত কিছুমান মৌলিক নথি পত্ৰৰ প্ৰয়োজন হয়, যেনে পৰিচয়ৰ প্ৰমাণ- আধাৰকাৰ্ড, পেনকাৰ্ড, ইত্যাদি।

প্ৰমাণপত্ৰ সমূহ বিনিয়োগকাৰীৰ নামত প্ৰদান কৰা হয়, আৰু সেইবোৰ ব্যক্তিগতভাৱে, যৌথভাৱে বা নাবালকৰ হৈ ক্ৰয় কৰিব পাৰি।যিকোনো ভাৰতীয় নাগৰিকে কিষাণ বিকাশ পত্ৰ ক্ৰয় কৰিব পাৰিব।কোনো এজন প্ৰাপ্ত বয়স্ক ভাৰতীয়ই তেওঁৰ নিজৰ নামত, অথবা তেওঁ এজন অভিভাৱক হিচাপত কোনো এজন নাবালকৰ নামত কিষাণ বিকাশ পত্ৰ ক্ৰয় কৰিব পাৰিব।কোনো এজন নাবালক যাৰ বয়স ১০ বছৰ হৈছে তেওঁ নিজেই নিজৰ নামত কিষাণ বিকাশ পত্ৰ ক্ৰয় কৰিব পাৰিব।যৌথভাৱে সৰ্বাধিক তিনিজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে একেলগে কিষাণ বিকাশ পত্ৰ ক্ৰয় কৰিব পাৰিব।

কিষাণ বিকাশ পত্ৰ আঁচনিখনৰ প্ৰধান বৈশিষ্ট্য বোৰ হল:

) নিশ্চিত প্ৰতিদান (Returns): কিষাণ বিকাশ পত্ৰ আঁচনিখনে বিনিয়োগকাৰী সকলক নিশ্চিত প্ৰতিদান বা ৰিটাৰ্ণ প্ৰদান কৰে।এই আঁচনিৰ অধীনত এটা নিৰ্দিষ্ট সময়ৰ অন্তত বিনিয়োগকাৰীৰ বিনিয়োগৰ টকা দুগুণ হয়।আঁচনিৰ মেচিউৰিটি পিৰিয়ড অৰ্থাৎ পৰিপক্কতাৰ কাল সুতৰ হাৰৰ সৈতে জড়িত,যিটো চৰকাৰে সময়ে সময়ে সংশোধন কৰে। চৰকাৰে সুতৰ হাৰৰ পৰিৱৰ্তন কৰিব পাৰে। উদাহৰণস্বৰূপে, ২০২৪ চনৰ হিচাপত কিষাণ বিকাশ পত্ৰ আঁচনিয়ে বছৰি ৭.৫% সুতৰ হাৰ, আৰু এই সুতৰ হাৰত ১১৫ মাহ বা ৯ বছৰ আৰু ৭ মাহত বিনিয়োগৰ ধন দুগুণ হয়।

) নূন্যতম বিনিয়োগ: কিষাণ বিকাশ পত্ৰ আচঁনিৰ অধীনত কোনো এজন বিনিয়োগকাৰীয়ে নূন্যতম ১০০০ টকা আৰু তাৰ পিছত ১০০ টকাৰ বহু গুণত বিনিয়োগ কৰিব পাৰে।বিনিয়োগৰ কোনো নিদিৰ্ষ্ট সৰ্বোচ্চ সীমা নাই, যাৰ বাবে ই সৰু আৰু বৃহৎ বিনিয়োগকাৰী উভয়ৰে বাবে এক নমনীয় বিকল্প হিচাপে জনপ্ৰিয়।

) কোনো কৰৰ সুবিধা নাই: কিষাণ বিকাশ পত্ৰ আঁচনিখনে বিনিয়োগকাৰীক বিনিয়োগ কৰা টকাৰ ওপৰত নিশ্চিত প্ৰতিদান বা ৰিটাৰ্ণ প্ৰদান কৰিলেও আয়কৰ আইনৰ ধাৰা ৮০ চি (80C) ৰ অধীনত আঁচনিখনে কোনো ধৰণৰ কৰ সুবিধা প্ৰদান নকৰে।কিন্তু এই আঁচনিত বিনিয়োগকাৰীয়ে টকা বিনিয়োগ কৰি উপাৰ্জন কৰা সুত “অন্য উৎসৰ পৰা আয়”ৰ অধীনত কৰ যোগ্য বুলি গ্ৰহণ কৰা হয়।

) স্থানান্তৰ যোগ্যতা: কিষাণ বিকাশ পত্ৰ আঁচনিখনৰ অধীনত বিনিয়োগকাৰীয়ে টকা বিনিয়োগ কৰি ক্ৰয় কৰা প্ৰমাণ পত্ৰ এজন ব্যক্তিৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পৰা যায়, যাৰ ফলত পৰিয়ালৰ সদস্যৰ ভিতৰত সম্পত্তি উপহাৰ বা পাছ কৰাৰ ক্ষেত্ৰত ই উপযোগী।

) অকালতে বা পৰিপক্কতা লাভৰ পূৰ্বেই টকা উলিওৱা:কিষাণ বিকাশ পত্ৰৰ এটা নিৰ্দিষ্ট লক-ইন সময় থাকে।অৰ্থাৎ এই আঁচনিৰ অধীনত বিনিয়োগকাৰীয়ে তেওঁলোকে কৰা বিনিয়োগৰ টকা এটা নিৰ্দিষ্ট সময়লৈ আঁচনিত জমা ৰাখিব লাগে। কিন্তু বিনিয়োগকাৰীৰ প্ৰয়োজনত বা বিশেষ কিছু নিৰ্দিষ্ট পৰিস্থিতি যেনে প্ৰমাণপত্ৰধাৰীৰ মৃত্যু বা আদালতৰ আদেশ ইত্যাদি পৰিস্থিতিত আঁচনিত বিনিয়োগ কৰা টকা পৰিপক্কতা লাভৰ পূৰ্বেই বা অকালতে উলিওৱাৰ অনুমতি দিয়া হয়।অৱশ্যে আগতীয়াকৈ টকা উলিওৱাৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে পৰিপক্কতা লাভৰ পূৰ্বে টকা উলিওৱাৰ লগত জড়িতজৰিমনা পৰিশোধ কৰিবলগীয়া হয়।

) কিষাণ বিকাশ পত্ৰৰ বিৰুদ্ধে ঋণ: এই আঁচনিৰ অধীনস্ত বিনিয়োগকাৰীয়ে তেওঁলোকৰ কিষাণ বিকাশ পত্ৰৰ প্ৰমাণ পত্ৰকো জামিন হিচাপে ব্যৱহাৰ কৰিবেংকৰ পৰা ঋণ লাভ কৰিব পাৰে।বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰাৰ ক্ষেত্ৰত কিষাণ বিকাশ পত্ৰৰ প্ৰমাণ পত্ৰক জামিন হিচাপে ব্যৱহাৰ তথা বেংকেগ্ৰহণ কৰাৰ ফলত ই নগদ টকা বা লিকুইডিটিৰ প্ৰয়োজনীয়তাৰ বাবে এক বহুমুখী বিত্তীয় আহিলা হিচাপে গণ্য কৰা হয়।

কিষাণ বিকাশ পত্ৰই কেনেকৈ কাম কৰে:কিষাণ বিকাশ পত্ৰত বিনিয়োগকাৰীয়ে টকা বিনিয়োগ কৰি কিদৰে লাভবান হ’ব পাৰিব তাক এটা সংখ্যাগত উদাহৰণৰ সহায়ত তলত ব্যাখ্যা কৰা হ’ল:

পৰিস্থিতি ১: ধৰি লোৱা হ’ল কোনো এজন ব্যক্তিয়ে ২০২৪ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখত বছৰি৭.৫% সুতৰ হাৰত কিষাণ বিকাশ পত্ৰত মৌলিক বিনিয়োগ অৰ্থাৎ প্ৰাৰম্ভিক বিনিয়োগ হিচাপত ৫০,০০০ টকা বিনিয়োগকৰ। বৰ্তমানৰ সুতৰ হাৰ অনুসৰি এই বিনিয়োগ ১১৫মাহত বা ৯ বছৰ আৰু ৭ মাহত দুগুণ হ’ব।অৰ্থাৎ বিনিয়োগকাৰীয়ে ক্ৰয় কৰা কিষাণ বিকাশ পত্ৰ ২০৩৩ চনৰ ৩১জুলাইত পৰিপক্কতা বা মেচিউৰিটি লাভ কৰিবআৰু বিনিয়োগকাৰীয়ে কৰা ৫০,০০০ টকা বিনিয়োগৰ বিপৰীতে তেওঁ মুঠ ১,০০,০০০ টকা উভতাই পাব, যিটো বিনিয়োগৰ টকাৰ দুগুণ হয়।এই উদাহৰণটোৰ পৰা দেখা গ’ল যে –

(i) প্ৰাৰম্ভিক বিনিয়োগ (২০২৪): ৫০,০০০টকা

(ii) মেচিউৰিটিৰ পৰিমাণ (২০৩৩): ১,০০,০০০টকা

এইদৰে ২০৩৩ চনৰ ভিতৰত বিনিয়োগকাৰীৰ ৫০,০০০টকা ১,০০,০০০টকালৈ বৃদ্ধি পাব, যাৰ ফলত মূল বিনিয়োগ দুগুণ হ’ব।

পৰিস্থিতি ২:একে দৰে বৃহৎ বিনিয়োগৰ পৰিমাণৰ এটা উদাহৰণ দাঙি ধৰা হ’ল।যদি কোনো বিনিয়োগকাৰীয়ে ২০২৪ চনৰ ১জানুৱাৰীত কিষাণ বিকাশ পত্ৰত৫,০০,০০০টকা ৰাখে বা বিনিয়োগ কৰে, তেন্তে ১১৫ মাহ বা ৯ বছৰ ৭মাহৰ পিছত বিনিয়োগ পুনৰ দুগুণ হ’ব, অৰ্থাৎ ২০৩৩ চনৰ জুলাই মাহৰ ৩১ তাৰিখত ১০,০০,০০০ টকা হ’ব।

(i) প্ৰাৰম্ভিক বিনিয়োগ (২০২৪): ৫,০০,০০০টকা

(ii) মেচিউৰিটি বা পৰিপক্কতাৰ পৰিমাণ (২০৩৩): ১০,০০,০০০টকা

বিনিয়োগকাৰীয়ে ক্ৰয় কৰা কিষাণ বিকাশ পত্ৰ পৰিপক্কতা বা মেচিউৰিটিৰ লগে লগে ১০,০০,০০০ টকা লাভ কৰাৰ আশা কৰিব পাৰে, যাৰ ফলত সুৰক্ষিত প্ৰতিদান বা ৰিটাৰ্ণ বিচৰা সকলৰ বাবে কিষাণ বিকাশ পত্ৰ এক আকৰ্ষণীয় দীৰ্ঘম্যাদী বিনিয়োগৰ উৎস হয়।

কিষাণ বিকাশ পত্ৰৰ উপকাৰিতা বা সুবিধাসমূহ:

) কম বিপদ আৰু উচ্চ নিৰাপত্তা: কিষাণ বিকাশ পত্ৰ আঁচনিখন ভাৰত চৰকাৰৰ সমৰ্থিত এটা সঞ্চয়ও বিনিয়োগৰ আঁচনি।ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আঁচনি হোৱা বাবেই কিষাণ বিকাশ পত্ৰ উপলব্ধ বিনিয়োগৰ উৎস সমূহৰ অন্যতম নিৰাপদ বিকল্প বিনিয়োগ আঁচনি হয়। বিনিয়োগকাৰীয়ে বজাৰৰ উঠা-নমা বা মিউচুৱেল ফাণ্ড বা ষ্টকৰ দৰে অন্যান্য বিনিয়োগৰ ক্ষতি শংকা আৰু অনিশ্চয়তাবহনৰ সৈতে জড়িত বিপদৰ বিষয়ে চিন্তা কৰিব নালাগে।

) বিনিয়োগৰ টকা দুগুণ কৰা: কিষাণ বিকাশ পত্ৰ আঁচনিৰ জৰিয়তে নিৰ্ধাৰিত মেচিউৰিটিৰ ভিতৰত বিনিয়োগকাৰীৰপ্ৰাৰম্ভিক বিনিয়োগ দুগুণ হোৱাৰ নিশ্চয়তা দিয়া হৈছে, যিটো বৰ্তমান ১১৫ মাহৰ পৰিপক্কতা লাভৰ সময়।ইয়াৰ ফলত বিনিয়োগৰ ওপৰত ভৱিষ্যদ্বাণী যোগ্য আৰু নিশ্চিত লাভ বিচৰা সকলৰ বাবেই আকৰ্ষণীয় হৈ পৰে।

) বিনিয়োগৰ ধন তাৰল্য (লিকুইডিটি):যদিও কিষাণ বিকাশ পত্ৰত বিনিয়োগৰ লগত এটা নিৰ্দিষ্ট লক-ইন সময় বা টকা জমা কৰি ৰখাৰ নিদিৰ্ষ্ট সময় থাকে, তথাপিও এই আঁচনিৰ অধীনস্ত বিনিয়োগৰ দ্বাৰা ক্ৰয় কৰা প্ৰমাণ পত্ৰৰ বিপৰীতে অকালতে বা পৰিপক্কতাৰ লাভ কৰাৰপূৰ্বেই টকা উলিওৱা আৰু ঋণৰ ৰূপত তাৰল্যতা বা লিকুইডিটি প্ৰদান কৰা হয়। আৰ্থিক প্ৰয়োজনৰ সময়ত এই নমনীয়তা অত্যন্ত উপযোগী।

) নমনীয় বিনিয়োগৰ পৰিমাণ: এই আঁচনিৰ জৰিয়তে বিনিয়োগকাৰীক নূন্যতম ১,০০০ টকাৰ পৰা আৰম্ভ কৰি বিনিয়োগৰ অনুমতি দিয়া হৈছে। বিনিয়োগৰ কোনো উচ্চ সীমা নিৰ্দ্ধাৰণ কৰা নাই। ইয়াৰ ফলত ক্ষুদ্ৰ সঞ্চয়কাৰীৰ পৰা আৰম্ভ কৰি উচ্চ আয় উপাৰ্জনকাৰী তথা বৃহৎ পৰিমাণৰ টকা বিনিয়োগকাৰীলৈকেসকলো প্ৰকাৰৰ বিনিয়োগকাৰীৰ বাবে এই আঁচনিত বিনিয়োগ সুলভ হৈ পৰে।

) সহজে স্থানান্তৰযোগ্য: কিষাণ বিকাশ পত্ৰ আঁচনিখনৰ  অধীনত বিনিয়োগকাৰীয়ে নিজৰ টকা বিনিয়োগ কৰি ক্ৰয়কৰা প্ৰমাণ পত্ৰসমূহ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব পৰা যায়।যাৰ বাবে কিষাণ বিকাশ পত্ৰ পৰিয়ালৰ ভিতৰত ধন বা সম্পত্তি প্ৰেৰণৰ বাবে উপযোগী কৰি তোলা হয়।ইয়াৰ দ্বাৰা উপহাৰ দিয়া বা স্থানান্তৰ কৰাটোও সহজ হৈ পৰে।

) সহজ আৰু সহজে বুজিব পৰা: কিষাণ বিকাশ পত্ৰ হৈছে এক পোনপটীয়া বিনিয়োগৰ আঁচনি আৰু ই সকলো ধৰণৰজটিলতাৰ পৰা মুক্ত।এই সৰলতাই ইয়াক বিত্তীয় সাক্ষৰতা কম থকা গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলৰলোকৰ মাজত জনপ্ৰিয় কৰি তুলিছে।

কিষাণ বিকাশ পত্ৰৰ সীমাবদ্ধতা:

) কৰৰ সুবিধাৰ অভাৱ: কিষাণ বিকাশ পত্ৰত কৰা বিনিয়োগত ৰাজহুৱা ভৱিষ্যদ্বাণী পুঁজি (পিপিএফ) বা ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ পত্ৰ (এনএছচি)ৰ দৰে কৰৰ সুবিধাসমূহ বিনিয়োগকাৰীয়ে লাভ নকৰে।কিষাণ বিকাশ পত্ৰত কৰা বিনিয়োগে আয়কৰৰ ধাৰা ৮০ চিৰ অধীনত কোনো ধৰণৰ কৰ কৰ্তনৰ ব্যৱস্থা নকৰে।কৰ-দক্ষ বিনিয়োগৰ বিকল্প বিচৰা সকলৰ বাবে ই এক সুবিধাজনক বিনিয়োগৰ আঁচনি নহয়।

) কৰযোগ্য সুত:কিষাণ বিকাশপত্ৰৰ বিনিয়োগৰ পৰা উপাৰ্জন কৰা সুত বিনিয়োগকাৰীৰ আয়কৰ স্তৰ (স্লেব) অনুসৰি সম্পূৰ্ণৰূপে কৰযোগ্য।ইয়াৰ ফলত বিশেষকৈ উচ্চ কৰ ব্ৰেকেটৰ বিনিয়োগকাৰীৰ বাবে ফলপ্ৰসূ প্ৰতিদান (ৰিটাৰ্ণ) হ্ৰাস পায়।

) লকইনৰ সময়সীমা:কিষাণ বিকাশ পত্ৰ বিনিয়োগৰ সৈতে ১১৫ মাহৰ দীঘলীয়া লক-ইন সময়, অৰ্থাৎ বিনিয়োগৰ টকা জমা কৰি ৰখাৰ এক নিদিৰ্ষ্ট সময় থাকে, যিটো হ্ৰস্বম্যাদী তাৰল্য (লিকুইডিটি) বিচৰা ব্যক্তিসকলৰ বাবে কিষাণ বিকাশ পত্ৰত বিনিয়োগ এক আদৰ্শ বিনিয়োগ নহ’বও পাৰে। অকালতে বা পৰিপক্কতা লাভৰ পূৰ্বেই টকা উলিওৱাৰ অনুমতি আছে যদিও ইয়াৰ বাবে জৰিমনা বিহা হয়।

) মুদ্ৰাস্ফীতিৰ আশংকা:যিহেতু কিষাণ বিকাশ পত্ৰত বিনিয়োগৰ পৰা বিনিয়োগকাৰীৰ বাবে প্ৰতিদান বা ৰিটাৰ্ণ নিৰ্দিষ্টহৈ থাকে, গতিকে দীৰ্ঘম্যাদী ভাৱে বিশেষ কৈ উচ্চ মুদ্ৰাস্ফীতিৰ সময়ছোৱাত কিষাণ বিকাশ পত্ৰত বিনিয়োগে মুদ্ৰাস্ফীতিৰ লগত খোজ মিলাব নোৱাৰিবও পাৰে।ইয়াৰ ফলত বিনিয়োগৰ পৰা লাভ কৰা প্ৰতিদান বা ৰিটাৰ্ণৰ প্ৰকৃত মূল্য ক্ষয় হয়।

সামৰণি:

কিষাণ বিকাশ পত্ৰই সময়ৰ লগে লগে আপোনাৰ সঞ্চয় বৃদ্ধি কৰাৰ এক নিৰাপদ, সুৰক্ষিত, আৰু নিশ্চিত উপায় আগবঢ়াইছে। কিষাণ বিকাশ পত্ৰত বিনিয়োগৰ ক্ষেত্ৰত অন্যান্য চৰকাৰী আঁচনিৰ দৰে কিছুমান কৰ সুবিধাৰ অভাৱ আছে যদিও এই আঁচনিৰ নিশ্চিত বিনিয়োগ দুগুণ বৃদ্ধিয়ে ইয়াক ক্ষুদ্ৰসঞ্চয়কাৰী, গ্ৰাম্য বিনিয়োগকাৰী আৰু কম বিপদজনক বিকল্প বিচৰা সকলৰ মাজত জনপ্ৰিয় পছন্দ বুলি বিবেচিত হৈছে। ইয়াৰ সৰলতাৰ লগতে চৰকাৰী সমৰ্থনে নিশ্চিত কৰে যে কিষাণ বিকাশ পত্ৰ (কেভিপি) আৰ্থিক সুৰক্ষা আৰু স্থিতিশীলতা বিচৰা লাখ লাখ ভাৰতীয়ৰ বাবে এক বিশ্বাস যোগ্য বিনিয়োগ হৈ থাকিব।