কিতাপ পঢ়িবলৈ জনাটোও এটা দক্ষতাঃ ডাঃ ৰণোজ পেগু
গ্ৰন্থমেলা তীৰ্থস্থান সদৃশঃ বিনোদ ঘোষাল
কিতাপ হৈছে সভ্যতাৰ বাহকঃ ড° অৰূপজ্যোতি চৌধুৰী
গ্ৰন্থমেলা জ্ঞানৰ উৎসৱঃ মানৱ ডেকা
গ্ৰন্থ আন্দোলনে নতুন ৰূপ পাইছেঃ ড° বিভাস চৌধুৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি আজিৰে পৰা আৰম্ভ হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, লখিমপুৰ ৷ লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্প্লেক্সত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে এই দহদিনীয়া গ্ৰন্থমেলাখন আজি উদ্বোধন কৰা হয় ৷ বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গ্ৰন্থমেলাখন উদ্বোধন কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ ভাষণত কয় যে জ্ঞান আৰু প্ৰজ্ঞা হৈছে মানুহৰ সহজাত প্ৰবৃত্তি আৰু এয়া অৰ্জন কৰিব পাৰি গ্ৰন্থৰ জৰিয়তে ৷ ইয়াৰ বাবে আমি পঢ়িব জানিব লাগিব ৷ পঢ়িবলৈ জনাটোও এটা কলা, এটা দক্ষতা ৷ শিক্ষকসকলে কেনেদৰে পঢ়িব লাগে সেয়া বুজাব পাৰিব লাগিব ৷ লিখা, পঢ়া, শুনা আৰু বুজা, এইবোৰৰ নিৰ্দিষ্ট পদ্ধতি আছে ৷ এয়া আয়ত্তাধীন কৰিবলৈ যত্নপৰ হোৱা উচিত ৷ সম্প্ৰতি ফেচবুকৰ ভাষাই বহু পৰিমাণে ভাষাৰ সৌন্দৰ্যহানী কৰিছে ৷ টি ভি চেনেলবোৰতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে ৷ যতি চিহ্নৰ প্ৰয়োগ নকৰাকৈ টি ভিত অনুষ্ঠান পৰিৱেশন কৰাৰ ফলতো ভাষাটো বিপৰ্যয়ৰ ফালে গতি কৰিছে ৷ যতি চিহ্নবোৰো ব্যাকৰণৰ দিশৰ পৰা আতি গুৰুত্বপূৰ্ণ ৷ এইক্ষেত্ৰত ল’ৰা-ছোৱালীবোৰক সৰুৰে পৰা দক্ষ কৰি তোলাত অভিভাৱক আৰু শিক্ষক সকল সচেতন হোৱাৰ প্ৰয়োজন আছে ৷ তেওঁ লগতে কয় যে ল’ৰা-ছোৱালীবোৰক ডাঙৰকৈ পঢ়িবলৈ দিয়া উচিত ৷ ইয়াৰ ফলত উচ্চাৰণ শুদ্ধ হোৱাৰ উপৰি স্মৃতি শক্তি উন্নত হয় ৷ শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ যিদৰে শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন, সেইদৰে সুস্থ-সতেজ মানসিক বিকাশৰ বাবে গ্ৰন্থ অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজনীয় ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক প্ৰশান্তি লাভ কৰাৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ সকলোৱে পঠন অভ্যাস গঢ়ি তুলিব পাৰিলে ভাল ৷ গ্ৰন্থ আন্দোলনৰ সৈতে এই সকলোবোৰ বিষয় জৰিত হৈ আছে ৷ সেইবাবে পৃথিৱীৰ পৰা গ্ৰন্থ শেষ হৈ নাযায় ৷ তেওঁ পুনৰ কয় যে জ্ঞান অৰ্জনৰ বাবে গ্ৰন্থই হৈছে অন্যতম আধাৰ ৷ গ্ৰন্থ নোহোৱাকৈ, জ্ঞানৰ চৰ্চা অবিহনে এখন সভ্য সমাজ, একোটা শক্তিশালী জাতি গঢ়ি উঠিব নোৱাৰে ৷ পৃথিৱীৰ প্ৰতিটো সভ্যতা গঢ়ি তোলাত, সভ্য জাতি গঠনৰ ক্ষেত্ৰত গ্ৰন্থই মহত্ত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ গ্ৰন্থৰ জ্ঞান মৌলিক জ্ঞান ৷ ইয়াত বিশেষ অতিথিপৰূপে অংশগ্ৰহণ কৰি পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষালে কয়—“গ্ৰন্থ হৈছে জ্ঞানৰ ভঁৰাল ৷ সভ্যতাৰ মাপকাঠি হিচাপে গ্ৰন্থই জ্ঞানৰ দিক্দৰ্শন দিয়ে ৷ পৃথিৱীৰ প্ৰতিটো সভ্যতাৰ ভেটি নিৰ্মাণত গ্ৰন্থৰ মহৎ অৱদান আছে ৷ দৰাচলতে গ্ৰন্থ হৈছে সমাজ-সভ্যতাৰ প্ৰকৃত পোহৰ ৷” অসমত চৰকাৰী উদ্যোগত গ্ৰন্থ আন্দোলনে সুন্দৰ গতি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে গ্ৰন্থমেলা তীৰ্থস্থান সদৃশ ৷ গ্ৰন্থমেলাত যোগদান কৰাসকল একো একোজন তীৰ্থযাত্ৰী ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতি বছৰে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি দেশৰ ভিতৰতে অনন্য নিদৰ্শন দেখুৱাইছে ৷ পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাত গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ৷ আমাৰ দেশত গ্ৰন্থ অধ্যয়নো কৰা হয় আৰু থাপনাত ৰাখি গ্ৰন্থক পূজাও কৰা হয় ৷ এয়ে ভাৰতীয় সভ্যতাৰ বিশেষত্ব ৷ সেয়ে সকলোকে গ্ৰন্থ উপহাৰ দিয়াৰ সংস্কৃতি গঢ়ি তোলা দৰকাৰ ৷ তেওঁ অসমীয়া আৰু বাঙালীসকলক ভাই ভাই বুলি উল্লেখ কৰে ৷ সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকা ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে লখিমপুৰত অসম গ্ৰন্থমেলাৰ আয়োজন আমাৰ বাবে পৰম আনন্দৰ বতৰা ৷ ইয়াৰ ফলত বৃহত্তৰ লখিমপুৰ অঞ্চলৰ শিক্ষাৰ্থী সকল, শিক্ষাগুৰুসকল তথা সামগ্ৰিকভাৱে বৌদ্ধিক সমাজখন উপকৃত হ’ব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি অসমৰ জ্ঞান চৰ্চাৰ পৰিৱেশটো সুন্দৰকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাই সেই প্ৰতিশ্ৰুতি বহন কৰিবলৈ সক্ষম হৈছে ৷ কিতাপ বিভিন্ন বীপণীতো ক্ৰয় কৰিব পাৰি, কিন্তু গ্ৰন্থমেলা হৈছে গ্ৰন্থৰ উৎসৱ ৷ অৰ্থাৎ এয়া জ্ঞানৰো উৎসৱ ৷ লখিমপুৰত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা সফল কৰি তুলিবলৈ লখিমপুৰবাসীক আহ্বান জনায় বিধায়ক ডেকাই ৷ ইয়াত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰূপজ্যোতি চৌধুৰীয়ে কয় যে কিতাপত আখৰ আৰু ছবি থাকে ৷ এই আখৰ আৰু ছবিবোৰ জোনাকী পৰুৱা, য়িয়ে পৃথিৱীখন ধুনীয়া কৰি ৰাখে ৷ কিতাপ হৈছে সভ্যতাৰ বাহক ৷ নিজৰ ঘৰতে বহি পৃথিৱীখনক পাত পাতকৈ চাব পাৰি কিতাপৰ জৰিয়তে ৷ সেইবাবে কিতাপৰ সংগই প্ৰকৃত সংগ ৷ অভিভাৱকসকলে, শিক্ষক সমাজে আমাৰ ল’ৰা-ছোৱালীহঁতৰ মনত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ দায়িত্বশীলতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷ নতুন প্ৰজন্মৰ মাজত কিতাপক জনপ্ৰিয় কৰাৰ বাবে গ্ৰন্থমেলা নিৰ্ভৰযোগ্য মাধ্যম ৷ আন এগৰাকী বিশিষ্ট অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° বিভাস চৌধুৰীয়ে কয় যে অসমত গ্ৰন্থ আন্দোলনটোৱে নতুন ৰূপত প্ৰাণ পাই উঠিছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ জন্মাটো অতি ভাল লগা কথা ৷ গ্ৰন্থৰ জৰিয়তে মানুহে জ্ঞানৰ জগতত বিচৰণ কৰিব পাৰে ৷ আজিকালি ই-বুক পঢ়িবও পাৰি ৷ কিন্তু কিতাপ পঢ়াৰ যি সুসংস্কৃতি, পুথিভঁৰাললৈ যোৱাৰ যি অভ্যাস সেয়া ই-বুকে গঢ়ি তুলিব নোৱাৰে ৷ সেয়ে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ ৰচনা কৰি এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব ৷ অসম গ্ৰন্থমেলাই এইক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াইছে ৷ উদ্বোধনী সভাত আদৰণী ভাষণ আগবঢ়ায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ সকলক উৎসাহিত কৰিছে ৷মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰত আয়োজন কৰা অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ সচিব কলিতাই লগতে কয় যে সম্প্ৰতি মোবাইলৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ, সংবাদ পত্ৰ, আলোচনী সমূহলৈ সংকট নমাই আনিছে ৷ ক’ভিড মহামাৰীৰ ফলতো ছপা মাধ্যমৰ ওপৰত ব্যাপক নেতিবাচক প্ৰভাৱ পৰিছিল ৷ কাৰ্যতঃ এয়া আছিল গ্ৰন্থৰ জগতখনৰ ওপৰতো গুৰুতৰ আঘাত ৷ কিন্তু গ্ৰন্থৰ বিকল্প আন একো হ’ব নোৱাৰে সেয়া খাটাং ৷ সেয়েহে ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিলোঁ ৷ অসম গ্ৰন্থমেলা, লখিমপুৰ এই প্ৰয়াসৰে এক অংশ ৷ বঙাইগাঁৱৰ দৰে লখিপুৰতো অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰিবলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰে সচিব কলিতাই ৷ শংকৰদেৱ শিশু বিদ্যা নিকেতন, উত্তৰ লখিমপুৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটি গুৰুবন্দনাৰে আৰম্ভ হোৱা উদ্বোধনী সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ অসম সংগীত পৰিৱেশনেৰে উদ্বোধনী সভাখনৰ সামৰণি মৰা হয় ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, লখিমপুৰৰ প্ৰথম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ইয়াৰ ভেলী ভিউ স্কুল আৰু পি এম শ্ৰী লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷
