কিতাপৰ বৰ্ষ 2025
বন্দিতা শৰ্মা কন্দলি
চাওঁতে চাওঁতে আমি 2025 বৰ্ষৰ প্ৰথম সপ্তাহত ভৰি দিলোঁ। পুৰণি বছৰটোক বিদায় দি উলহ মালহেৰে নতুন আশা আৰু উদ্যমেৰে নতুন বছৰটোক আদৰণী জনালোঁ। আমাৰ মাজৰ কাৰোবাৰ যদি এলাহ নামৰ পৰম শত্ৰু জনৰ লগত বন্ধুত্ব আছে তেন্তে নতুন বছৰটোত তেওঁক বিদায় দি নিজকে সুঅভ্যাসেৰে গঢ়ি তুলিম।
আমাৰ বাবে এটা ভাল খবৰ হৈছে এইবছৰটো অৰ্থাৎ 2025 বৰ্ষটো অসম চৰকাৰে অসমৰ বাবে কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে।বিদ্যা ধনহে আচল ধন। সেয়ে আমি আজৰি সময়ত যিমান পাৰোঁ কিতাপ পঢ়িবলৈ চেষ্টা কৰিম। গ্ৰন্থমেলা ঠায়ে ঠায়ে চলি আছে।আমি আমাৰ উপযোগী মহৎ লোকৰ জীৱনী, জ্ঞান -বিজ্ঞানৰ কাহিনী, ভ্ৰমণ কাহিনী, সাধুকথা , শিশু উপন্যাস আদি সংগ্ৰহ কৰি পঢ়িব লাগিব।আমি আমাৰ বন্ধু- বান্ধবীৰ মাজত কোনে কিমান কিতাপ পঢ়িছোঁ তাৰ এটা প্ৰতিযোগিতা পাতিব পাৰোঁ। গ্ৰন্থ অধ্যয়নে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব। আমি বিদ্যালয় বা আন সামাজিক অনুষ্ঠানত অনুষ্ঠিত কৰা তৰ্ক, আকস্মিক বক্তৃতা, কুইজ, ৰচনা প্ৰতিযোগিতা আদিত নিৰ্ভয়ে অংশ গ্ৰহণ কৰিব পাৰিম। তাৰোপৰি 2025 সংখ্যাটো বৰ বৈশিষ্ট্যপূৰ্ণ আৰু ৰসাল সংখ্যা।
1)ই এটা পূৰ্ণবৰ্গ সংখ্যা। 45²=45×45=2025 এই বৰ্গ সংখ্যাটো দুটা ভাগত ভাগ কৰি যোগ কৰিলে পুনৰ মুল সংখ্যাটো পাম। অৰ্থাৎ 2025->20+25=45 (মূল সংখ্যা)। এনেদৰে বৰ্গ সংখ্যা এটা ভাগ কৰি যোগ কৰিলে পুনৰ মুল সংখ্যাটো পোৱা সংখ্যা বোৰৰ ধাৰণা ভাৰতীয় গণিতজ্ঞ (মাৰাঠী) ডত্তাট্ৰেয়া ৰামচন্দ্ৰ কেপ্ৰিকাৰে (Dattatreya Ramchandra Kaprekar) আগবঢ়ায়। সেয়ে এনে সংখ্যাক কেপ্ৰিকাৰ সংখ্যা বোলা হয়। উদাহৰণ স্বৰূপে 9²=81–>8+1=9, ইয়াত বৰ্গ সংখ্যাটো দুটা ভাগত ভাগ কৰিলে প্ৰতিটো ভাগত এটা অংক বিশিষ্ট সংখ্যা আছে গতিকে 81 সংখ্যাটো হ’ব 1-কেপ্ৰিকাৰ সংখ্যা।2025 সংখ্যাটো হ’ব 2-কেপ্ৰিকাৰ সংখ্যা।
2) 2025 সংখ্যাটো ইয়াৰ অংক কেইটাৰ যোগফলৰে বিভাজ্য। এনে সংখ্যাক কেপ্ৰিকাৰে ‘হৰ্ষদ সংখ্যা’ নামেৰে নামাকৰণ কৰিছিল। অৰ্থাৎ 2+0+2+5=9,2025÷9=225
3)2025 সংখ্যাটো প্ৰথম নটা স্বাভাৱিক সংখ্যাৰ ঘনৰ সমষ্টি।1³+2³+3³+4³+5³+6³+7³+8³+9³=2025
4)2025 সংখ্যাটো তিনিটা সংখ্যাৰ বৰ্গৰ সমষ্টি 40²+ 20²+ 5²= 2025, আকৌ 5² × 9²= 2025,3²×15²=2025
5) প্ৰথম n টা অযুগ্ম সংখ্যাৰ সমষ্টি n²। প্ৰথম 45 টা অযুগ্ম সংখ্যাৰ সমষ্টি হ’ব 2025। অৰ্থাৎ 1 + 3 + 5 + …..89=2025
সচাঁকৈয়ে 2025 সংখ্যাটো ৰসাল নহয় নে বাৰু! কেৱল আমি সময়ৰ সদ ব্যৱহাৰ কৰি আগুৱাই যাব লাগে।