“কা” বাতিলৰ দাবীত ডিব্ৰুগড় জিলাৰ ৰাজগড়ত চিপিআই (এম এল) ৰ প্ৰতিবাদ

“কা” বাতিলৰ দাবীত ডিব্ৰুগড় জিলাৰ ৰাজগড়ত চিপিআই (এম এল) ৰ প্ৰতিবাদ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ঐক্য তথা জাতিধ্বংসী “কা” বাতিলৰ দাবীত ডিব্ৰুগড় জিলাৰ চিপিআই (এম এল) কেন্দ্রীয় সমিতিয়ে আহবান জনোৱা ৰাষ্ট্ৰ জোৰা প্ৰতিবাদৰ অংশ হিচাপে আজি (১৪-৩-২৪) দলৰ ডিব্ৰুগড় জিলা সমিতিয়ে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ সাব্যস্ত কৰে৷ দলৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে স্থানীয় যুৰীয়া আইথানৰ পৰা শ্বহীদ বেদী তিনিআলিলৈকে এক প্ৰতিবাদী সমদল উলিয়ায় সমদলকাৰী সকলে সাম্প্রদায়িক ‘কা’ বাতিল কৰক, অ সাংবিধানিক ‘কা’ আমি নামানো, জাতিধ্বংসী কা’ বাতিল কৰক, বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সকলো এক হওক, কা’ প্ৰণয়ন কৰা বিজেপিক এঘৰীয়া কৰক আদি বিভিন্ন শ্লোগানেৰে ডিব্ৰুগড়ৰ ৰাজগড় উত্তাল কৰি তোলে। সমদলকাৰী সকলে শ্বহীদবেদী তিনিআলিত সমৱেতহৈ এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত দলৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়াল, ৰাজ্যিক সদস্যা মীৰা তাঁতী, বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক সভাপতি কুন্তী তাঁতী, প্ৰগতিশীল নাৰী সন্থাৰ মৈত্ৰেয়ী বাগচি, সংগ্ৰামী চাহ শ্রমিক সংঘৰ বিনোদ মুড়া, নিৰ্মাণ শ্রমিক সন্থাৰ গনেশ কোঁৱৰ, দিনেশ গড়াইটকে আদিকৰি জিলা নেতৃত্ব উপস্থিত থাকে।