কাৰাবন্দী মই তোমাৰ প্ৰেমত – এছ ইছলাম

কাৰাবন্দী মই তোমাৰ প্ৰেমত

এছ ইছলাম, শিক্ষক 
            পশ্চিম মইনবৰী, বৰপেটা
নুবুজোঁ তোমাৰ প্ৰেমৰ ভাষা
নেদেখোঁ প্ৰেমযুক্ত নয়ন যুগল
কাৰাবন্দী মই তোমাৰ প্ৰেমত।
লিখিম মনৰ ক্ষোভ উজাৰি
ভগ্ন হৃদয়ৰ মালিতা
নকওঁ তোমাক অইনৰ বুলি।
কাৰাবন্ধি মই তোমাৰ প্ৰেমত
নহওঁ অহংকাৰী ,
দেখোঁ তোমাৰ ছবি
হৃদয়ৰ স্মৃতি পটত।
হেৰাই যাম তোমাৰ জীৱনৰ পৰা
সময়ৰ কুটিল গ্ৰাসত
তেতিয়া বুজিব পাৰিবা
মই যে আছিলোঁ সচাঁ প্ৰেমিকা!
চিৰদিন আছিলোঁ মই
তোমাৰ প্ৰেমৰ পূজাৰী হৈ
নুবুজিলা তুমি মোৰ
ক্ৰন্দন ৰিক্ত হৃদয়ৰ।
নিশ্চয় বুজিবা এদিন
অনুতপ্ত হ’বা সেইদিন
কিন্তু! নিষ্ঠুৰ সময়ে জানো
সেই সুবিধা দিব?
কদাপি নেদেখিবা মোক
প্ৰেমিকৰ ৰূপত
আই বসুমতীৰ কোলাত
বিলীন হৈ যাম ধূলিৰ লগত।