কাৰখানাৰ বনুৱা
কাৰখানাৰ বনুৱাৰ দুখী কান্দোন
কামৰ পৰা যে ভাগৰি হুমুনিয়াহ;
নেদেখে যে জীৱনৰ ৰঙীন সপোন
কাম কৰি ভাগৰি লাগে যেন পিয়াহ।
ৰঙীন ধৰাৰ পৰা যে বহুতো দূৰ
খাবলৈও ভাত কেতিয়াবা নাইকিয়া;
জীৱন যে কেৱল দুখেৰে ভৰপূৰ
দিনটো যে দিয়ে কেৱল কামৰ বোজা।
কিয় বাৰু দুখীয়ালোকৰ নিৰ্যাতন
নিৰ্দয়তাত যে বুকুখনি ভাগি যায়;
তথাপিও কিয় সলনি নহয় মন
সপোন জানো সিহঁতি দেখিবলৈ পায় ?
আমি কেতিয়াও হব নালাগে নিৰ্দয়,
নহলে দেশৰ শীঘ্ৰে হবগৈ বিলয়।
–নিতিষ্মান দাস
অষ্টম শ্ৰেণী