কার্যকর্তাৰ এই বলিদান আমি অথলে যাবলৈ নিদিওঁঃ মুখ্যমন্ত্ৰী

The Financial Express

কার্যকর্তাৰ এই বলিদান আমি অথলে যাবলৈ নিদিওঁঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ সমর্থকে আক্ৰমণ কৰি এজন বিজেপি কর্মীক হত্যা কৰা ঘটনাক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।এই কাণ্ডৰ প্ৰহৃতক উচিত শাস্তি দিয়া হ’ব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই হুংকাৰ দিয়ে। সামাজিক মাধ্যমযোগে ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চামগুৰিত কংগ্ৰেছ দলৰ গুণ্ডা বাহিনীয়ে হিংসাত্মক আক্রমণেৰে হত্যা কৰা অসম প্রদেশ বিজেপিৰ কাৰ্যকৰ্তা বিপুল শইকীয়াৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এই আকস্মিক পৰিস্থিতিত শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। খবৰটোত যথেষ্ট ব্যথিত হৈছোঁ। এই মৃত্যুৰ বাবে জগৰীয়াসকলক নিশ্চিতভাৱে উচিত শাস্তি প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রীগৰাকীয়ে কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ পুনৰ কয় যে নিৰ্বাচনৰ সময়ত এনে কাৰ্য সংঘটিত কৰা তথা নিৰ্বাচন ব্যৱস্থাৰ প্ৰতি অনাস্থা দেখুওৱাটো কংগ্ৰেছীসকলৰ ধৰ্ম। এই ঘটনাই কংগ্ৰেছ দলৰ কুখ্যাত চৰিত্ৰক পুনৰ উদঙাই দিলে। সংবিধান বচোৱাৰ শ্লোগান দিয়াসকলেই নির্বাচনী হিংসাক উদ্‌গনি জনোৱা, এয়া প্ৰকৃততে গণতন্ত্ৰৰ ওপৰত নিৰ্মম আক্ৰমণ। আমাৰ কাৰ্যকৰ্তাৰ এই বলিদান অথলে যাবলৈ নিদিওঁ, দোষীক উচিত শাস্তি দিবলৈ আমি অংগীকাৰবদ্ধ। উল্লেখ্য যে কালি মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনাৰ পূৰ্বেই চামগুৰি বিধানসভা সমষ্টিৰ বিজেপি-কংগ্ৰেছৰ মাজত সংঘাতৰ উদ্ভৱ হৈছে। ইয়াৰ মাজতে যোৱা বৃহস্পতিবাৰে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তথা চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী তাঞ্জিল হুছেইনে মনোনয়ন-পত্র দাখিলৰ বাবে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক সমদল কৰি আহিছিল। এই পথতে ভগামূৰত বিজেপিয়ে অনুষ্ঠিত কৰিছিল এখন নির্বাচনী সভা। কংগ্ৰেছৰ সমদলকাৰীসকল বিজেপিৰ সভাস্থলী পোৱাৰ সময়তে দুয়োেপক্ষৰ মাজত প্ৰথমতে কথাৰ কটাকটি হয় আৰু একাংশৰ মাৰপিট লাগে। এই ঘটনাত আহত হয় বাজিয়াগাঁও নিবাসী বিজেপি কর্মী বিপুল শইকীয়া। আহত বিপুল শইকীয়া সেইদিনা নিজ ঘৰলৈ আহে যদিও কালি বিছনাত তেওঁক পোৱা যায় মৃত অৱস্থাত। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চামগুৰি বিধানসভা সমষ্টিত তীব্র প্রতিক্রিয়া অব্যাহত আছে।ঘটনা সংক্রান্তত মৃত বিজেপি কর্মী বিপুল শইকীয়াৰ জ্যেষ্ঠ ভাতৃ বাবুল শইকীয়াই চামগুৰি থানাত এখন এজাহাৰ দাখিল কৰিছে। ত্মত্যাগক সদায় মনত ৰাখিব।’