কামৰূপ (ম) জিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীৰ শুভাৰম্ভ

কামৰূপ (ম) জিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত ১৬ ডিচেম্বৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাসমূহত “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব । ১৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচী কামৰূপ মহানগৰ জিলাৰ নিউ গুৱাহাটী, জালুকবাৰী, দিছপুৰ আৰু ডিমৰীয়া সমজিলাত কাৰ্যকৰী কৰা হ’ব । উল্লেখযোগ্য যে সময়ৰ অভাৱত যিসকল বাহনৰ অধিকাৰীয়ে সময়মতে নিজৰ বাহন চালনাৰ অনুজ্ঞা পত্ৰ,পঞ্জীয়ন নবীকৰণ,বাহনৰ মালিকীস্বত্ব হস্তান্তৰকে ধৰি যানবাহনৰ সৈতে জড়িত অন্যান্য সেৱাসমূহ অনলাইন কৰিব পৰা নাই, সেইসকল বাহন চালক বা সংশ্লিষ্ট ব্যক্তিবিশেষৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে । এইকেইখন সমজিলাৰ কাৰ্যালয়ত পৰিবহন বিভাগৰ বিষয়া -কৰ্মচাৰীসকলে সপ্তাহটোৰ প্ৰতি সোমবাৰ,বুধবাৰ,শুক্ৰবাৰ আৰু শনিবাৰে এই সেৱা আগবঢ়াব৷