কামৰূপ মহানগৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান
মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ-তিৰোভাৱ তিথিত চৰকাৰীভাৱে বন্ধ, সত্ৰসমূহৰ ভূমি উদ্ধাৰৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰীলৈ মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰধান সম্পাদক দীপক শৰ্মা, কোষাধ্যক্ষ তাৰিণী কান্ত গোস্বামী, মুখপাত্ৰ শৈলেন তালুকদাৰ, বহি: ৰাজ্য পৰিক্ৰমা সম্পাদক কমল কলিতাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে মহানগৰ জিলা আয়ুক্তৰ অনুপস্থিতিত জিলা অতিৰিক্ত আয়ুক্ত চি. কে. পেগুৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখনি প্ৰেৰণ কৰে। স্মাৰক পত্ৰত ৫ টা দাবী ক্ৰমে ক) আসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম পথিকৃৎ , আদি গুৰু, বেদচাৰ্য, দৰ্শনচাৰ্য, ভাগৱতাচাৰ্য, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত ৰাজ্য চৰকাৰে চৰকাৰী ভাৱে বন্ধ ঘোষণা কৰিবৰ কাৰণে দাবী জনাই। উল্লেখযোগ্য যে গুৰুজনাই ১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত আৱিৰ্ভাৱ হৈ ১৫৬৬ খ্ৰীষ্টাব্দৰ জেঠ মাহৰ অমাৱস্যা তিথিত তিৰোভাৱ হৈছিল। খ) ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অসমীয়া পাঠ্যপুথিত ( অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ উভয়তে) মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন পাঠ সংলগ্ন কৰা, গ) মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ ভূমি (নাৰায়ণপুৰ, জিলা: লখিমপুৰ)আৰু সমাধিস্থলী ( মানেৰী সত্ৰ, জিলা: নলবাৰী) সংৰক্ষণ কৰি ইয়াক পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা, ঘ) মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ প্ৰতি সন্মান জনাই অসম তথা উত্তৰ-পূব ভাৰতৰ সকলো বিশ্ববিদ্যালয়তে ‘আসন’ প্ৰতিষ্ঠা কৰা আৰু ঙ) ৰাজ্যখনৰ ভিন ভিন প্ৰান্তৰ সত্ৰসমূহৰ মাটি বেদখল মুক্ত কৰাৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰ প্ৰদানৰ অন্তত জীৱন দৰ্শন অধ্যয়ন সমিতিৰ প্ৰধান সম্পাদক দীপক শৰ্মাই সাংবাদিকক জানিব দিয়ে যে- “মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ বিস্ময়কৰ জীৱন আৰু প্ৰতিভাৰ যিমান বহুল প্ৰচাৰ হ’ব লাগিছিল, সেই অনুপাতে হোৱা নাই। মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে সত্ৰৰ যোগেদি যি বিশুদ্ধ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সাধনা কৰিছিল সি দৰাচলতে প্ৰাচীন সনাতন অদ্বৈতবাদৰ এটি বাস্তৱ প্ৰতিফলন। হৰিদেৱ পন্থা যথেষ্ট উদাৰ। যি সময়ত নাৰীক ধৰ্ম ধাৰণৰ অনুপযোগী বুলি ভবা হৈছিল তেনে সময়তে হৰিদেৱে তেওঁৰ দুহিতৃ ভূৱনেশ্বৰী আইদেউক তেওঁৰ মূল সত্ৰ মানেৰীৰ অধিকাৰ নিয়োগ কৰিছিল। সেই সময়ৰ সমসাময়িক ভাৰতীয় সমাজত নাৰীক কোনো সত্ৰৰ অধিকাৰ পতা কথাটো অকলপনীয় আছিল। এইজনা মহাপুৰুষ স্মৃতি তথা জীৱন দৰ্শন নতুন প্ৰজন্মৰ ওপৰলৈ নিয়াৰ সু-ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব লাগে। তেতিয়াহ’লে ন-প্ৰজন্ম ন-উদ্যমেৰে আগুৱাই যাব পাৰিব।”