কামৰূপ জিলা সাংবাদিক সন্থাৰ ‘আৰিমত্ত গড়’টো সুৰক্ষা বিচাৰি স্মাৰকপত্ৰ প্ৰদান

কামৰূপ জিলা সাংবাদিক সন্থাৰ ‘আৰিমত্ত গড়’টো সুৰক্ষা বিচাৰি স্মাৰকপত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলা সাংবাদিক সন্থাৰ নেতৃত্বত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰঙিয়াৰ মহকুমাধিপতিক ৰাজ্যৰ আবেগ জড়িত ঐতিহাসিক সম্পদ “আৰিমত্ত গড়”টো সুৰক্ষা,সংবৰ্ধন আৰু পৰ্যটন স্থলী কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে ৰঙিয়া ৰাইজমেল ভৱন সমিতি, ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, ৰঙিয়া লেখিকা সমাৰোহ সমিতি, দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভা আৰু ৰঙিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সামাজিক সংগঠন উত্তৰণৰ ফালৰ পৰাও পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।