চাৰুনৃত্য আৰু ক্ৰিয়েটিভ ডান্স একাডেমীৰ প্ৰতিষ্ঠা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত চাৰুনৃত্য আৰু ক্ৰিয়েটিভ ডান্স একাডেমীৰ ৪ৰ্থ তম প্রতিষ্ঠা দিৱস বংশৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সদৌ বংশৰ নাট্য সন্মিলনৰ সম্পাদক প্ৰদীপ দাসে। অনুষ্ঠানটোত ডান্স একাডেমীৰ ছাত্রী সকলৰ মাজত চিত্ৰাংকণ, কবিতা আবৃতি প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱসটি আয়োজন কৰা হয়। একাডেমীৰ প্ৰশিক্ষণকদ্বয় উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য আৰু ৰাণাৰ্চ আপ বিজয়ী হিৰামণি দাসে প্ৰশিক্ষণ দিয়া বিভিন্ন নৃত্য ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা হয়।অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী দেবেন্দ্র নাথ কাকতি, শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় সহযোগী অধ্যাপক অতুল চন্দ্ৰ দাস,উত্তৰ কামৰূপ জিলা অনুসুচীত জাতি পৰিষদৰ সভাপতি গোলোক দাস, শিক্ষক তৰুণ দাস,সদৌ অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু। চিকিৎসা কৰ্মচাৰী সন্থাৰ সভাপতি ৰমেন ভৰালী,সদৌ বংশৰ বিহু সন্মিলনৰ সম্পাদক মনোৰঞ্জন দাস,সদৌ বংশৰ দুৰ্গা পূজা সমিতিৰ সম্পাদক সুভাষ বৈশ্য, সহ: আহ্বায়ক ছচিয়েল মিডিয়া এচ.চি মৰ্চা ৰূপজ্যোতি বৈশ্যৰ লগতে বহুতো গণ্য মান্য ব্যক্তি। অনুষ্ঠানত উদীয়মান কন্ঠশিল্পী ৰাজ মহিম নাথৰ এটি গীতে পৰিবেশ জীপাল কৰি তোলে।সম্পূর্ণ অনুষ্ঠানটোৰ আত ধৰে শিক্ষক তথা সমাজকৰ্মী ইন্দ্রকান্ত বৈশ্যই। শেষত ছাত্ৰী সকলে গুৰুসেৱা অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠানটোৰ সামৰণি পৰে।