কাব্য
কাব্যতো কুকুৰীকণাৰ সান্ধ্য ভ্ৰমণ নহয়
ই যে পুৱতি নিশাৰ কুকুৰাৰ বচন
পাহোৱাল কমাৰৰ জুয়ে পোৰা হাতৰ যতন!
কাব্যতো শৈশৱৰ উজু অংক নহয়
ই যে সময়ক বাট দেখুওৱা বিনিদ্ৰ প্ৰহৰ
শত তেজাল ঘোঁৰাৰ উদ্যমী লহৰ!
কাব্যতো হাঁহি ধেমালিৰ বহুৱালি নহয়
ই যে ডম্বৰুৰ ডুগ ডুগ শব্দবল
সিৰাই সিৰাই সংগ্ৰামী বাৰুদৰ টলমল।
কাব্যতো চঞ্চল যৌৱনৰ অস্থিৰ খেল নহয়
ই যে আঁউসীৰ বুকুত জোনাকী পথ
প্ৰেমৰ সুবাস বিলোৱা আকাশী ৰথ!
গৌতম মালাকাৰ
কৰিমগঞ্জ