কাজিয়াৰ অন্তত প্ৰেম
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
প্ৰিয়াই আজি প্ৰথম বাৰৰ বাবে ৰাকেশক সন্মুখা -সন্মুখী দেখা পাব। সিহঁতৰ বিয়াৰ সকলো কথা বতৰাবোৰ যিহেতু দুয়োৰে পৰিয়াল বৰ্গই মিলি পাতি ৰাখিছে , প্ৰিয়াই ৰাকেশক এতিয়ালৈকে ফটোৰ বাহিৰে ৰিয়েলত দেখা নাই।আনহাতে ৰাকেশেও প্ৰিয়াক ফটোটেই দেখা। গতিকে বিয়াৰ সকলো আয়োজন আৰম্ভ কৰাৰ আগতেই এজনে আন জনক এবাৰ লগ পাবলৈ মন কৰিলে, যিহেতু বিয়া হ’ল গোটেই জীৱনৰ বন্ধন। দুটা পৰিয়ালৰ মতামতৰ লগতে হ’বলগীয়া স্বামী – স্ত্ৰীও এজনে আন জনক জানি -বুজি লোৱাটো ভাল। যাতে বিয়াৰ পাছত কোনো ধৰণৰ সমস্যা নহয়।
প্ৰিয়াৰ ঘৰৰ মানুহ বোৰ যিহেতু অলপ পুৰণি দিনীয়া। আধুনিক নিয়মত বিশ্বাসী নহয়। গতিকে বিয়াৰ আগতেই ল’ৰা ছোৱালীয়ে লগ পোৱাটো দৰকাৰ বুলি এবাৰো ভাৱি চোৱা নাই।
প্ৰিয়াৰ বেষ্ট ফ্ৰেইণ্ড ৰাগিনিয়ে মিছা কথাৰ আশ্ৰয় লৈ ঘৰৰ পৰা প্ৰিয়াক লৈ আহিলে ৰাকেশৰ লগত এবাৰ লগ কৰাই দিবলৈ, যাতে সিহঁত দুয়োয়ে এজনে আন জনক অলপ হ’লেও বুজি পোৱাৰ এটি চেষ্টা কৰিব পাৰে।
ৰাগিনিয়ে ৰাকেশক আগতেই জনাই দিয়া ঠিকনাত আহি অপেক্ষা কৰি আছে । বাৰে বাৰে নিজৰ হাত ঘড়ীখনলৈ চাই পঠিয়াইছে। তেওঁৰ দৃষ্টি মাথোঁ কেফে খনৰ দুৱাৰ মুখৰ ফালেহে,,,
: আহিব ঐ, আহিব। তোৰ সপোনৰ ৰাজকুমাৰী আহিব। ইমান ডিঙি মেলি চাই থাকিলে চাবি আকৌ ডিঙি বেঁকা হ’লে বিয়া এৰি কইনা জনী পলাই সাৰিব।
হাঁহা ,,,
: ফটোৱা ন’কৰ অনুৰাগ,,, মই এইফালে টেনশ্যনত মৰি আছোঁ, আৰু তই ফকতিয়া জৌক মাৰি আছ ‘।
অনুৰাগ,তাইৰ আহিবলৈ কিবা অসুবিধা হোৱা নাই তো ,,?
: আহি গ’ল চা,, পিছে লগত এইজনী কোন? তামাম ধুনীয়া আছে বেঁহ,,,, হৰিনী চকু জুৰি চা,তিৰ বিৰাই আছে, আকাশৰ তৰাৰ দৰে। Uff,, হাঁহিমুঠী, একেবাৰে কলিজা খোৱা। এনে লাগে যেন চায়েই থাকোঁ।
Yeh Chaand sa roshan chehra
Zulfon ka rang sunehra
Yeh jheel si neeli aankhein
Koi raaz hai inme gehra,,
Tareef karun kya uski
Jis ne tumhein banaya ,,,,,
: আৰম্ভ হৈ গ’ল তোৰ,, তাইৰ বেষ্ট ফ্ৰেইণ্ড হয় ছোৱালী জনী, তই flirt কৰিব ন’লবি আকৌ, মোৰ মান সম্মানৰ কথা আছে, বৌৱেৰাৰ আগত লাজত পেলালে চাবি কিন্তু, কথা বেয়া হৈ যাব।
: ৱাহ ভাই ৱাহ,,, ক্যা বাত হ্যে,বিয়া পতাৰ আগতেই ইমান চেঞ্জ, ছোৱালী পক্ষ বনি গ’লি ।পিছলৈ কি হ’ব তুমিয়েই জানা ভগৱান। ৰাগিনি আৰু প্ৰিয়া সোমাই আহি সিহঁতৰ ওচৰ পালেহি ।
ৰগিনি: কেতিয়াবাই আহিলে নি আপোনালোক ?বেয়া নাপাব দেই, ট্ৰেফিকৰ কাৰণে হে অলপ মান পলম হ’ল।
অনুৰাগ: অলপ মান মানে? এঘণ্টা ধৰি আমি ৱেইট কৰি আছোঁ।
ৰাকেশ: বহা তোমালোক,, চকীখন টানি সি ক’লে,
প্ৰিয়া: thank you,
ৰাগিনি: what do you mean,Mr ?
আপোনাৰ নাম,,,?
Whatever ,আমাৰ কাৰণে ৱেইট কৰি একো দয়া কৰা নাই okay, আমি ছোৱালী মানু্হ ৰেডি হওঁতে সময় লাগে। আপোনাৰ নিচিনা নহয় তো ,, গা পা নুধুৱাকৈ টোপনিৰ পৰা উঠিয়েই আহি যাম। ড্ৰেছ, ম্যেচিং জুৱেলাৰি, লিপষ্টিক,,etc etc etc, মিলাব লাগে। So অলপ টাইম লাগে অ’কেই,,বলিউডৰ কৰিনা কাপুৰৰ ” পু ” চৰিত্ৰৰ দৰে ভঙ্গীমাত ৰাগিনি সকলো কৈ গ’ল।
অনুৰাগ: অ’য়ে ছোৱালী, মই গা ধোঁৱা নাই বুলি তুমি কেনেকৈ গম পালা হাঁ, ?
পাৰফিউম লগাই আহিছোঁ দস্তুৰ্মত। নিজৰ গাত অলপ মান শুঙি অনুৰাগে ৰাগিনিৰ ওপৰত জ্বলি পকি উঠিল।
ৰাগিনি: কোনো কাম নাই আপোনাৰ এইবোৰ পৰফিউমৰ, গোন্ধ দূৰৰ পৰাই পাই আছোঁ,, ৱাক চিহহ,,
অনুৰাগ: আৰু তোমাক চোন দুই ঘণ্টা মেকাপ কৰাৰ পাছতো ভুতনীৰ দৰেই লাগিছে। চকুজুৰি চা, হাতীৰ নিচিনা, ডেব ডেব কৰি আছে।আৰু ওঁঠ, বান্দৰৰ প,,,,,, নকলোঁ আৰু,,
: you,,,,
: yes me,,
: ইয়াৰ মৰণ আজি মোৰ হাততেই আছে, ই শেষ আজি, কাক জুকাই লৈছে গম পোৱা নাই।প্ৰিয়া মোক ধৰ নহ’লে আজি ইয়াক মই যমৰ দুৱাৰত পঠাই দিম।
: ৰাগিনি কি কৰি আছ’ এইবোৰ? তেওঁলোক অতিথি। অভদ্ৰামি নকৰিবি চোন।
: আৰু এই monkey পোৱালী টোক দেখা নাই তই, ?মোৰ লিপষ্টিকৰ ওপৰত কমেণ্ট কৰে, ইমান সাহস।
: অনুৰাগ, ভাই অলপ মনে মনে থাক। ঠাণ্ডা হ’ অলপ মান। কাজিয়া নকৰিবি।
ৰাকেশ আৰু প্ৰিয়াৰ বুজনিত সিহঁত দুয়ো অলপ মান শান্ত হ’ল যদিও চকুৱে চকুৱে যুদ্ধখন চলিয়েই থাকিল।
বিয়া খন সুকলমে হৈ গ’ল, কইনাৰ বিদায় হ’ল। কিন্তু সাপ নেউলৰ দৰে সিহঁত দুটা কাজিয়া কৰিয়েই থাকিল। এজনে আন জনৰ যেন ঘোৰ শত্ৰুহে। প্ৰতিযোগিতাত হে নামিছে যেন এজনে আন জনক বিৰক্ত কৰাৰ। বিয়া ঘৰ খনত সিঁহতৰ কাজিয়াই যেন মুখ্য আকৰ্ষণ সৃষ্টি কৰিছে।
প্ৰিয়াৰ বিদায়ৰ পাছৰে পৰাই ৰাগিনিৰ একোৱেই ভাল ন’লগা হ’ল। কইনাৰ লগতে ৰাগিনীৰ হৃদয় খনো যে কোনোবা এজনে চুৰ কৰি লৈ গ’ল। প্ৰতিটো মূহুৰ্তত সেই ব্যক্তি জনৰ কথাই ভাৱি থাকে। তেওঁৰ লগত কটোৱা প্ৰতিটো মধুৰ মূহুৰ্ত চকুৰ আগত ভাঁহি ফুৰে। দুটি নয়নে যেন সেই মানু্হ জনকেই বিচাৰে।
বিয়াত উঠা গ্ৰুপ ফটোবোৰ zoom কৰি তাই সেই ব্যক্তি জনক হেঁপাহ পলুৱাই চাই আছে।নম্বৰ টো ফোনৰ স্ক্ৰীনত ভাঁহি আছে কিন্তু তাই ডাইল কৰিবলৈ সাহস গোটাব পৰা নাই। তাই আচৰিত হৈ পৰে কেতিয়াবা, নিজে নিজক চিনি নোপোৱা হৈ যায়। আগতে দেখোন তাই এনে নাছিল। কেতিয়াৰ পৰা ইমানকৈ সংকোচ কৰা হ’ল নিজেই গম নাপাই। আকাশ পাতাল চিন্তাত মগ্ন হৈ তাই ফটো খন বুকুচাত লৈয়েই শুই পৰে।
ফোনৰ ৰিং টনৰ শব্দত তাই সাৰ পাই উঠিল।বিৰক্তৰ সুৰত কল কৰা জনক মুখেৰে ভূৰ ভুৰাই গালি দুটা মান পাৰি ফোনটো হাতত তুলি লয়।প্ৰথম বাৰ চাই নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰি চকু দুটা মোহাৰি আকৌ এবাৰ চালে। হৃদয়ত বাস কৰা মানু্হ জনৰ কল,,চেহহ, এনেই গালি খিনি দিলোঁ । লগে লগে তাই নম্বৰটোত ডাইল কৰিলে।
: হেল্লো,
: ডিষ্টাৰ্ব কৰিলোঁ নি মেডাম,,?
: নাই নাই,,
: ওলাই আহিব পাৰিবা নি, ?তোমালোকৰ ইয়াত আহিছোঁ কাম এটাত। ভাবিলো আপোনাক এবাৰ লগ কৰি যাওঁ।
: give me only 10 minutes,, আহি আছো।
: পিছে মেডাম, তোমাৰ চোন দুই ঘণ্টা লাগে ৰেডি হওঁতে,, একো নাই আৰামত আহাঁ, মই দুই ঘণ্টা ৱেইট কৰি ল’ম।
: ধেইত,, এতিয়া বাই হাঁ, আহি আছোঁ,,
: শুনা, আমি প্ৰথম লগ পোৱা কেফেটোত আহিবা,,
: হুম।
: তহ, মেডাম,, কেনে আছে,,?
: ভালেই,
: মানে বেয়া,, কি হৈছে? Any problem,,
মোক ক’ব পাৰা,,,
: কেতিয়াবা ক’ম দিয়া,,
: ক’বা, মই অপেক্ষা কৰিম।
: পিছে এই ফালে কি কামত আহিছিলা,,?
: সঁচা ক’বলৈ গ’লে মোৰ কোনো কাম নাছিল,,,
: তেন্তে,,?
: তোমাক লগ কৰিবলৈ আহিছিলো।
: সঁচা?
: হয় মেডাম।
: কিয়,,?
: মোৰ বস্তু এটা আপোনাৰ লগত থাকি গ’ল যে,,
: কি বস্তু,,,?
: মোৰ হৃদয় খন।
: what,,,? Really,,?
: হুম।
: তাৰ মানে তুমিও মোৰ কথা ভাৱা। মইয়েই অকল ভাৱি নাথাকোঁ,,
: কি কি,,,? কি ক’লা,, ? তুমিও ভাবা,,?
: একো নহয়,,
: কিমান দিন আৰু ৰাগিনী, এই লুকা – ভাকু খেল বন্ধ কৰা,,,
: তুমি মোক ইমান দিনে এটা কল মেচেজ কৰাৰ সময় নাপালা,, এইয়াই তোমাৰ ভালপোৱা?
: নম্বৰ তোমাৰ লগতো আছিল, তুমি কিয় কৰা নাছিলা,,?
: মই সদায় কৰিব বিচাৰোঁ, কিন্তু ৰৈ যাওঁ, মোৰ হাতৰ আঙুলিয়ে সাহস নাপাই ডাইল বটনত টিপিবলৈ।
: মোৰো একেই সমস্যা। মইও বিচাৰিও পৰা নাছিলোঁ। কিন্তু কোনোবা এজনে প্ৰথম পদক্ষেপ ল’বই লাগিব,মইয়েই আগুৱাই আহিলো আৰু,,,
: বহুত ভাল কৰিলা,,proud of you
: বিয়াৰ বয়স হৈ গৈছে, মায়ে সদায় বিয়াৰ কথা কৈ কৈ আমনি কৰে, খঙত সিদিনা তোমাৰ কথা কৈ দিলোঁ বাপ্পেকে ,, আহিব তোমালোকৰ ঘৰত এই কেইদিনৰ ভিতৰতেই।
: হেহ,,,?
: yes মেডাম,, পিছে আপুনি বিচাৰিলে ৰিজেক্ট কৰি দিব পাৰে।
: বেছি অলপ ন?নকৰোঁ ৰিজেক্ট,,,
: মই কিন্তু গা নোধোও সদায়, গাৰ পৰা গোন্ধ ওলাই।
: এটা কথাকেই কৈ নাথাকিবা না, সেইদিনা মই খঙত হে কৈছিলো কিবা,
: হাঁ হাঁ ,,কফি খোৱা,, ঠাণ্ডা হৈ আছে।
কিমান যে আনন্দৰ হ’ব পাৰে, ভাৱিলেই ওঠত হাঁহি উমুঠি বিৰিঙী উঠে।
এক পক্ষীয় ভাৱে ভালপোৱা মানুহ জনেও যদি গোপনে আপোনাক ভাল পাই, সেই কথা নিজে আহি প্ৰকাশ কৰে। সেই আনন্দৰ সীমা নোহোৱা হৈ যায়।
সকলো মানুহে ইমান ভাগ্যৱান নহয়, তাৰে ভিতৰত কিছুমান থাকে, ভাগ্যমান। যিয়ে নিজৰ ভালপোৱাক আপোন কৰি ল’ব পাৰে চিৰ দিনলৈ।
যিবোৰ সম্পৰ্ক কাজিয়াৰে আৰম্ভ হয়, পিছলৈ সেই সম্পৰ্কবোৰ বৰ মজবুত হয়। কাজিয়াৰে আৰম্ভ হোৱা ভালপোৱাবোৰৰ মাদকতাই সুকীয়া। “কাজিয়াৰ অন্তত এটি সুন্দৰ প্ৰেম কাহিনীৰ আৰম্ভণি হ’ল “