কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া সীমা দেৱীক উৎকোচ লোৱাৰ অভিযোগত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ গ্ৰেপ্তাৰ

P.c The Indian Express

কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া সীমা দেৱীক উৎকোচ লোৱাৰ অভিযোগত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া সীমা দেৱীক উৎকোচ লোৱাৰ অভিযোগত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে।তথ্য অনুসৰি, এগৰাকী শিক্ষয়িত্ৰীৰ চাকৰি সংক্রান্তীয় এটা ফাইলৰ কাম কৰি দিয়াৰ বাবে জ্যেষ্ঠ প্রশাসনিক বিষয়াগৰাকীয়ে ১০ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল। উক্ত দাবীকৃত ধনৰ ৪ হাজাৰ টকা আগধন দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই টেবুলতে হাতে-লোটে ধৰা পেলায় বিষয়াগৰাকীক। বৰ্মা ছোৱালী হাইস্কুলৰ সংস্কৃত বিভাগৰ শিক্ষয়িত্ৰী মৌচুমী হুজুৰীৰ দৰমহাৰ ফাইল এটা মোকলাই দিয়াৰ নামত এইগৰাকী প্ৰশাসনিক বিষয়াই ১০ হাজাৰ টকা বিচাৰিছিল। এনেদৰে উৎকোচ বিচৰা বিষয়টো সন্দৰ্ভত শিক্ষয়িত্ৰীগৰাকীৰ ভাতৃয়ে দুর্নীতি নিবাৰক শাখাত এজাহাৰ দাখিল কৰে। এই অভিযোগৰ ভিত্তিতে  সচিবালয়ৰ ডি ব্লকৰ তৃতীয় মহলাত থকা বড়োলেণ্ড কল্যাণ বিভাগত অভিযান চলায়। পূর্ব পৰিকল্পনা অনুসৰি, আজি শিক্ষয়িত্ৰীগৰাকীৰ ভাতৃ আৰু এজন সহযোগীয়ে সীমা দেৱীক চাৰি হাজাৰ টকা উৎকোচ দিয়াজ সময়তে দুর্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে ধৰা পেলায় আৰু গ্ৰেপ্তাৰ কৰে।