কলিয়াবৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে নিশা কলিয়াবৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা।কলিয়াবৰ হাতীমূৰাৰ ভগ্ন মথাউৰিত বাইকসহ ২০ ফুট তলত থকা পানীত পৰে বাইক আৰোহী। বাইক আৰোহীগৰাকী জখলাবন্ধাৰ ৰাঙলুৰ অজয় সিং বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে পানীৰ পৰা উদ্ধাৰ কৰে বাইকখন।এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাতপতিত আজয় সিঙ নামৰ লোকজন। নিশাৰ ভাগত আৰক্ষীয়ে AS02AR 4969 নম্বৰৰ বাইকখনৰ লগতে এপাত চেণ্ডেল উদ্ধাৰ কৰিছে। সন্দেহ কৰা অনুসৰি এই চেণ্ডেল অজয় সিঙৰ। কিন্তু ঘন কুঁৱলী আৰু এন্ধাৰৰ বাবে নিশা আৰক্ষীয়ে উদ্ধাৰ অভিযান বন্ধ ৰাখিব লগা হয়। আজি পুৱা পুনৰ অজয় সিঙক বিচাৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে অজয়ৰ কোনো তথ্য লাভ কৰা নাই। সন্দেহ অনুসৰি দ’ পানীত ডুব গৈছে অজয় সিং।