কলম থমকি ৰ’ল
মুন শৰ্মা, লখিমপুৰ
আকৌ ক’লা কবিতা লিখা,
বহু দিনেই হ’ল লিখা নাই কবিতা।
অনুৰোধত কলম তুলি লওঁ
পিছে বাৰে থমকি ৰয় হাতৰ কলম।
ভাৱনাছন্ন মনাকাশ অজস্ৰ প্ৰশ্ন
কবিতা লিখিম নেকি তোমাৰ নামত?
এটি পাগলৰ কবিতা,বিৰহ ঢালি,
চকুলো ওলাই যাব, বিচৰা নাই লিখিব মই
বিচ্ছিন্ন প্ৰেমৰ বিষন্নতাৰ আলাপ
বিষাদ প্ৰেমৰ চাবুকৰ কোব বোৰ পাহৰা নাই
জোনাকী ৰজনী ত সোঁৱৰণী বুকুত,
কলিজাই ফেঁকুৰি কৰা আৰ্তনাদ ,
তুমি জানো শুনিব পাৰিবা?
নিলাজ হৃদয় আকুল আহ্বান,
আকৌ উপলুঙা যদি আকৌ প্ৰত্যাখ্যান!
জুই কলিজাৰ উত্তাপ কিমান!
নোৱাৰিবা বুজিব তুমি যে অনুভবী নহয়।
নিজৰ কথা বোৰো ভাবিছোঁ কিনো কওঁ…
বেয়াই লাগে তথাপি কওঁ মাত্ৰ কিছু,
আকৌ যদি বিষাপ্ত প্ৰেমৰ পিঞ্জৰাত আবদ্ধ হওঁ,
হেৰাই যাওঁ যদি মিছা সুখৰ দুনিয়াত,
যত অপেক্ষা মাথোঁ প্ৰতাৰণা প্রতাৰণা মাত্ৰ প্ৰতাৰণা,
উপহাৰ যদি পাওঁ আকৌ চলনা প্ৰেমৰ পৰিণতি,
কৰে নেকি উপহাস আকৌ প্ৰেমৰ পপিয়া তৰা হৈ।