কলকাতা আৰ জি কৰ কাণ্ডৰ দোষী সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

কলকাতা আৰ জি কৰ কাণ্ডৰ দোষী সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত সমগ্র দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত ধর্ষণ- হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায় প্রদান কৰিলে শিয়ালদহ আদালতে। দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থা চিবিআইৰ তদন্তৰ ভিত্তিত দিয়া এই  ৰায়ত মহিলা চিকিৎসকক ধৰ্ষণৰ অন্তত হত্যা কৰা পাষণ্ড সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ (ধর্ষণ), ৬৬ (ধৰ্ষণৰ কাৰণে মৃত্যু) আৰু ১০৩ (১) (হত্যাৰ অপৰাধ) নং ধাৰাৰ অধীনত ইতিপূর্বে দোষী সাব্যস্ত হোৱা সঞ্জয় ৰায়ক উদ্দেশ্যি ৰায়দানৰ সময়ত শিয়ালদহ আদালতৰ ন্যায়াধীশ অনির্বাণ দাসৰ স্পষ্ট ভাষ্য- ‘জীৱনৰ শেষ দিন পর্যন্ত কাৰাগাৰতে থাকিব লাগিব।’ একেটা ৰায়তে জঘন্য ঘটনা সংঘটিত কৰা সঞ্জয় ৰায়ক ৫০ হাজাৰ টকা জৰিমনা বিহা হৈছে। এই জৰিমনা অনাদায়ে অপৰাধীজনে ৫ মাহৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব। তদুপৰি ৰায়টোত ভুক্তভোগীৰ পৰিয়ালক ১৭ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিবলৈও চৰকাৰক কোৱা হৈছে। এই ১৭ লাখ টকাৰ ভিতৰত কৰ্মক্ষেত্ৰত ধৰ্ষণৰ কাৰণে ৭ লাখ আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ বাবে ১০ লাখ টকা। কিন্তু ভুক্তভোগীৰ পিতৃয়ে এই ক্ষতিপূৰণ ল’বলৈ আদালতৰ মজিয়াতে অস্বীকাৰ কৰে। কাৰ্যতঃ তেওঁ অসন্তুষ্ট হয় আদালতৰ ৰায়ত। পিতৃগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁলোকে ক্ষতিপূৰণ বিচৰা নাছিল। বিচাৰিছিল ন্যায়। ইফালে  আদালতে দিয়া ৰায়ক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে।কলকাতা আৰক্ষীৰ পৰা বলপূর্বকভাৱে তদন্ত চিবিআইৰ হাতলৈ নিয়াৰ বাবে আদালতৰ ৰায় বিচৰা ধৰণৰ নহ’ল বুলি কয় মুখ্যমন্ত্রী মমতা বেনার্জীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰা মতে, কলকাতা আৰক্ষীৰ দ্বাৰা যদি তদন্ত কৰিলেহেঁতেন, তেতিয়াহ’লে আদালতৰ ৰায় পৃথক হ’লহেঁতেন। চিবিআইৰ তদন্তক লৈ প্ৰায় অসন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আমি সকলোৱে মৃত্যুদণ্ডৰ দাবী কৰিছিলোঁ। কিন্তু আদালতে যাৱজ্জীৱন কাৰাদণ্ডহে দিলে। কলকাতা আৰক্ষীয়ে তদন্ত কৰিলে মৃত্যুদণ্ড হোৱাটো নিশ্চিত আছিল। আমি নাজানো কিদৰে তদন্ত কৰা হ’ল। ৰাজ্যৰ আৰক্ষীৰ এনেধৰণৰ ঘটনাৰ তদন্তৰ ৰায় মৃত্যুদণ্ড নিশ্চিত হৈছিল। লক্ষণীয় যে আদালতৰ মজিয়াত দোষী সঞ্জয় ৰায়ে নিজকে নিৰীহ বুলি দাবী কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ভুলকৈ দোষ জাপি দিয়া বুলিও দাবী কৰে।