কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক হত্যাৰ প্ৰতিবাদ সদৌ অসম বঙালী ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিৰ 

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক হত্যাৰ প্ৰতিবাদ সদৌ অসম বঙালী ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিৰ 
এম হাছিম, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ কৰাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল  সদৌ অসম বঙালী ফেডাৰেচন জিলা সমিতি আৰু ডিব্ৰুগড়ৰ নাগৰিক ।গ্ৰেহেম বজাৰস্থিত পূজা হস্পিতালৰ পৰা গাভৰুপথাৰ তিনি আলিত এই প্ৰতিবাদ সমাপ্ত কৰে।এই ৰেলীত মহিলা সকলক সুৰক্ষা দিব নোৱৰা চৰকাৰক গাদী এৰক, মমতা বেনাৰ্জীৰ কাম নাই,নিজে এগৰাকী মহিলা হৈ মহিলাক সুৰক্ষা দিব নোৱৰা চৰকাৰ’ৰ কাম নাই আদি বিভিন্ন শ্লোগানেৰে ডিব্ৰুগড় ৰাজপথ উত্তাল কৰি তোলে।এই নৃশংস হত্যাকাণ্ডত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এ এম চিৰ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দৰে মূল অভিযুক্তই যাতে প্ৰমাণৰ অভাৱত সাৰি যাব নোৱাৰে তাৰ বাবে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ফেডাৰেচন জিলা সমিতি আৰু  ডিব্ৰুগড় নাগৰিকে।