কলং কলা কেন্দ্ৰৰ সাঁচিপতীয়া শিল্পৰ কৰ্মশালাৰ সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ২১- ২৮ জুলাইলৈ কলং কলা কেন্দ্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সাঁচিপতীয়া শিল্পৰ কৰ্মশালা ২৮ জুলাইত অনুষ্ঠিত এখনি সভাৰ জৰিয়তে সামৰণি পেলোৱা হয়। অশ্বিনী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি নগাওঁ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই কয় যে ব্যতিক্ৰমী কাম-কাজেৰে অসমৰ কলা জগতত পৰিচয় লাভ কৰা কলং কলা কেন্দ্ৰই পুথি চিত্ৰৰ দিশতো নিষ্ঠাৰে কাম-কাজ কৰি আহিছে। নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখি অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কলিতাই কয় যে প্ৰাচীন পৰম্পৰা ধৰি ৰাখি অনুষ্ঠানটিয়ে অশেষ কষ্টৰে সাঁচিপাতীয়া শিল্পৰ চৰ্চাৰ দিশত কাম কৰি আহিছে। গুণীজনে সদায় এটা বিষয় শিপাৰ পৰা শিকিবলৈ বিচাৰে আৰু যদি বিষয়টো সাঁচিপাত হয় তেন্তে কলং কলা কেন্দ্ৰতহে এইদিশৰ শিক্ষা সম্ভৱ।ড° ধৰ্মেশ্বৰ গোস্বামী,থিৰেণ বৰা আৰু কুশল চন্দ্ৰ শৰ্মাইও সভাত বক্তব্য ৰাখে। প্ৰশিক্ষাৰ্থী পিনৰ পৰা মধুপুৰ সত্ৰৰ ডেকা সত্ৰধিকাৰ মাধৱদেৱ মহন্তই প্ৰশিক্ষক চিত্তৰঞ্জন বৰাৰ পৰা লাভ কৰা জ্ঞান সম্ভাৰৰ বিষয়ে বৰ্ণনা কৰি কয় যে এই অভিজ্ঞতা সদায় চিৰ স্মৰণীয় হৈ থাকিব। আন এগৰাকী প্ৰশিক্ষাৰ্থী নৃপেন শইকীয়াই কয় যে সাঁচিপতীয়া শিল্পক সঠিক ৰূপত চৰ্চ্চা কৰা ঠাই একমাত্ৰ কলং কলা কেন্দ্ৰ বুলি ক’ব পাৰি। প্ৰশিক্ষাৰ্থীৰ পিনৰ পৰা দীপাঞ্জলী বৰা আৰু পুনম বিশ্বকৰ্মাই নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। অভিভাৱকৰ পিনৰ পৰা কংকন বৰাই কলং কলা কেন্দ্ৰই কৰি অহা কাম-কাজ সমূহৰ প্ৰশংসা কৰে আৰু অনুষ্ঠানটিক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ বচন দিয়ে। অনুষ্ঠানত সাঁচিপতীয়া শিল্পৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে ৮ জুলাইৰ পৰা ১৪ জুলাইলৈকে অনুষ্ঠিত হোৱা টেৰাকোটা কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। মুঠ বাৰ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা কৰ্মশালাখনি ২১ জুলাইত উদ্বোধন কৰিছিল অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক প্ৰফুল্ল কলিতাই। উদ্বোধনী সভাত ভাষণ দি সাহিত্যিক ডাঃ নৰেন্দ্ৰ নাথ ডেকাই কয় যে ঘাইকৈ সাঁচিপাতৰ বুকুৰেই বাগৰি আহিছিল অসমীয়াৰ জ্ঞান-গৰিমা যাক পুনৰ তুলি ধৰা বাবে যি চেষ্টা কৰা হৈছে সেয়া এক মহৎ কাম হৈছে।