কয়দী মৃত্যুক লৈ   ভয়ানক ঘটনা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত: মৃত্যু হোৱা কয়দীক হুইল চেয়াৰত বহুৱাই উলিয়াই থলে বাহিৰত

কয়দী মৃত্যুক লৈ   ভয়ানক ঘটনা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত: মৃত্যু হোৱা কয়দীক হুইল চেয়াৰত বহুৱাই উলিয়াই থলে বাহিৰত
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত এক নোহোৱা নোপোজা ঘটনা।এখন  হুইল চেয়াৰত বহি থকা  লোকজন  তিনিদিনৰ পূৰ্ব লৈকে এজন জীৱন্ত ব্যক্তি আছিল। কিন্তু বৰ্তমান তেওঁ মৃত। এনেকৈ মৃত অৱস্থাত কেন্দ্ৰীয় কাৰাগাৰৰ সন্মূখত সন্ধিয়া পাঁচ বজাৰ পৰা হুইল চেয়াৰত বহুৱাই থোৱা হৈছে।মৃত  কয়েদী যুৱক জনৰ নাম শৈলজা বৰগোহাঁই। ঘৰ টিংখাঙৰ লেঙেৰীৰ ২ নং গন্ধীয়া পুৰণি গাঁৱত।যোৱা দুটা দিনৰ পূৰ্বতে তেওঁক পুৱতি নিশা তিনি মান বজাত বামুণবাৰী আৰক্ষীয়ে এটি প্ৰায় তিনি বছৰৰ পুৰণি  গোচৰত অভিযুক্ত  কৰি  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। জে’ললৈ প্ৰেৰণ কৰাৰ পাছতে  কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ পৰিয়ালৰ লোকে আবেদন কৰা ভিত্তিত ১২ জুনৰ সন্ধিয়া প্ৰায় পাঁচ মান বজাত লাভ কৰিছিল জামিন। কিন্তু জামিন লাভ কৰা ব্যক্তি জনক জীৱন্ত অৱস্থাত পৰিয়ালৰ লোকক চমজাই দিয়া নাছিল কেন্দ্ৰীয় কাৰাগাৰে।  পৰিয়ালৰ অভিযোগ অনুসৰি  এখন হুইল চেয়াৰত বহুৱাই কঁকালত এখন কাপোৰ বান্ধি মৃত অৱস্থাত ব্যক্তি  জনক গতাই দিছিল জামিন লাভ কৰা পাছত জে’ল কৰ্তপক্ষই পৰিয়ালৰ লোকক। এইদৰে কেন্দ্ৰীয় কাৰাগাৰ পৰা প্ৰবেশ দ্বাৰৰ বাহিৰলৈ উলিয়াই দিয়া হৈছিল মৃত যুৱক জনক এখন হুইল চেয়াৰত বহুৱাই । সন্ধিয়া পাঁচ বজাৰৰ পৰা ৰাতি চাৰে দহ বজালৈকে এনেকৈ কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰতে থাকে ব্যক্তি  জনৰ মৃত দেহ। মানৱ সভ্যতাক জোঁকাৰি যোৱা এই ঘটনা। এনেকৈ  মৃত ব্যক্তি এজনক ৰাখি  থৈ দিয়ে তাকো কাৰাগাৰ সন্মুখত।  পৰিয়ালৰ লোকৰ অভিযোগ কেনেকৈ মৃত্যু হ’ল কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত? এই ব্যক্তি জনৰ মৃত্যুৰ ৰহস্য কি। বামুণবাৰী আৰক্ষীয়ে দুদিনৰ পূৰ্বে আটক কৰা ব্যক্তি জন এটা ৰাতি কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী কৰি ৰাখিছিল আৰু তাৰ পাছতে লাভ কৰিছিল  জামিন । কোন শুদ্ধ আৰু কাৰ ভুল এইটো তদন্তত পোহৰলৈ আহিব। কিন্তু পাঁচ ঘণ্টাৰো  অধিক সময় এইদৰে কেন্দ্ৰীয় কাৰাগাৰ সন্মূখত হুইল চেয়াৰত বহুৱাই এজন মৃত ব্যক্তিক থোৱাটো কিমান যুক্তিসংগত।  আৰক্ষীয়ে উচিত তদন্ত কৰিব বুলি বিশ্বাস আছে পৰিয়ালৰ আৰু প্ৰকৃত ঘটনা নিশ্চিত ভাৱে পোহৰলৈ আৰক্ষীয়ে আনিব বুলি দূৰ্ভোগীয়া পৰিয়ালটোৱে কয়। কিন্তু এই ঘটনাই মানৱতা যে ভূলুন্ঠিত হৈছে  সেয়া পুনৰ প্ৰমাণ কৰি দিলে। অৱশেষত ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ  বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত লেঙেৰীৰ ২ নং গন্ধীয়া পুৰণি গাঁৱৰ এজন কয়দীৰ মৃত্যুৰ পিছতে নিশা বামুণবাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। ন্যায় বিচাৰি বামুণবাৰী আৰক্ষী চকীত উপস্থিত হয় স্থানীয় ৰাইজ । তিনিদিন পূৰ্বে শৈলজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে। পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জে’ললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে বৃহস্পতি বাৰে জামিন লাভ কৰাত যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল । আশ্বৰ্যজনক ভাৱে যুৱকজনক মৃত অৱস্থাত চমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই । ঘটনাৰ উচিত বিচাৰৰ দাবী স্থানীয় ৰাইজৰ। ইফালে বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধেও সন্দেহৰ আঙুলি পৰিয়ালৰ লোকৰ। আটকাধীন অৱস্থাত আৰক্ষীয়ে যুৱকজনক গুৰত্বৰভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে।