কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ নাতি চালেহ হাজৰিকাৰ মৃত্যু
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠ এম এ হাজৰিকা পথ নিবাসী চালেহ হাজৰিকাৰ (চেলিম) বাৰ্ধক্যজনিত কাৰণত ৮৫ বছৰত মৃত্যু হয়। চেলিম হাজৰিকা আছিল জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ নাতি তথা মোছলে উদ্দিন আহমেদ হাজৰিকাৰ বৰ পুত্ৰ। কৰ পৰিদৰ্শক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা হাজৰিকাই বিভিন্নঠাইত চাকৰি সূত্ৰে থাকি ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰে। সন্তানহীন হাজৰিকাই মৃত্যুৰ সময়ত তেখেতৰ পৰিবাৰ চাহিদা জাহান হাজৰিকা (পাৰুল) ৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। ২৩-৯-২৪ তাৰিখে চালেহ হাজৰিকাৰ জানাজা স্থানীয় আমোলাপট্টি কবৰস্থানত অনেক আত্মীয় তথা গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ।