কবি, গল্পকাৰ ,ঔপন্যাসিক অলকা বুজৰ বৰুৱাক ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক, ২০২৪ প্ৰদান
নিতু মণি দাস,ভৱানীপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ১১ ডিচেম্বৰ, বুধবাৰে নলবাৰী জিলাৰ টিহুৰ কবি , গল্পকাৰ , ঔপন্যাসিক অলকা বুজৰ বৰুৱাক দিল্লীৰ বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীৰ তৰফৰ পৰা নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত ৫৩ সংখ্যক বিজয় দিবসত ড০ বি. আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক – ২০২৪ ৰে সন্মানিত কৰে ।বুজৰ বৰুৱাই উক্ত পদকটি লোকসভাৰ প্ৰাক্তন অধ্যক্ষা মীৰা কুমাৰৰ হাতৰ পৰা গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত ভাৰতবৰ্ষ বিভিন্ন ৰাজ্যৰ ব্যক্তি উপস্থিত থকাৰ লগতে নেপালৰ পৰা অহা বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।