কবিতা সংকট কালৰ সাহসঃ ড০ সীতানাথ লহকৰ
ৰঙিলী বাৰ্ত্তাসেৱা – অসমৰ এক অন্যতম সাহিত্য সংস্কৃতিৰ অনুষ্ঠান ‘চিৰন্তন সাহিত্যৰ দিন’ ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান জানুৱাৰী ২০২৩ৰ ‘ঘাঁহনিৰ কবিতা’ অনুষ্ঠানৰ জৰিয়তে সামৰণি পৰে। অনুষ্ঠান উদ্ধোধন কৰি অধ্যাপক বিশিষ্ট নাট্যকাৰ ড০ সীতানাথ লহকৰে কয়, ‘কবিতা সদায়েই সংকটকালৰ সাহস। কবিতা হোৱা উচিত মানুহৰ চেতনা জগাইতোলা বৰ্শা।’ঘাঁহনিৰ কবিতা ‘ অনুষ্ঠানৰ লগত ৰজিতা খুৱাই অদিতিৰ চক্ৰবৰ্তী, প্ৰবীন কুমাৰ নাথ, দাদুল চলিহা,মিনাক্ষী বৰগোহাঞি, জয়া বড়োকে প্ৰমূখ্যে কৰি ন- পুৰণি প্ৰায় একুৰি শিল্পীয়ে ‘ঘাঁহনিৰ ছবি’ শীৰ্ষক ছবি অংকন কৰাৰ লগতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে। অনুষ্ঠানত মুনীন্দ্ৰ মহন্ত আৰু মিতালী ভট্টাচাৰ্য্যৰ অনুদিত ‘ইবন বটুতাৰ দৃষ্টিত ভাৰতবৰ্ষ’ উন্মোচন কৰে বিশিষ্ট কবি, গীতিকাৰ শ্ৰীযুত কীৰ্ত্তিকমল ভুঞাই। নৰেন মজুমদাৰৰ কাব্যগ্ৰন্থ ‘বেলিৰ কিৰণ হৈ খুটিয়াই থকা বতাহ ‘ উন্মোচন কৰে বিশিষ্ট কবি ড০ এম কামালুদ্দিন আহমেদ ডাঙৰীয়াই। মুনীন্দ্ৰ মহন্ত আৰু মিতালী ভট্টাচাৰ্য্যৰ অইন এখন অনুদিত গ্ৰন্থ’ভাস্কো ডা গামাৰ দৃষ্টিত ভাৰতবৰ্ষ ‘ উন্মোচন কৰে বিশিষ্ট কবি আৰু অনুবাদক আনিছ উজ জামান ডাঙৰীয়াই আৰু ৰুদ্ৰসিংহ মটকৰ কাব্যগ্ৰন্থ ‘শব্দোৎসৱ অথবা ‘ উন্মোচন কৰে’চিৰন্তন সাহিত্যৰ দিন’ৰ সম্পাদক শংকৰ শইকীয়াই।বিশিষ্ট কবি, নাট্যকাৰ, অসম কবি সমাজৰ সভাপতি ৰাজীৱ ফুকনৰ সঞ্চালনাত ‘ঘাঁহনিৰ কবিতা ‘ অনুষ্ঠানত কবিতা পাঠ কৰে মিকু সিঙ ৰাজপুত, নৰেণ মজুমদাৰ, ৰুদ্ৰ সিঙহ মটক, ৰাজীৱ ভট্টাচাৰ্য, ভূপেন বৰকটকী, অপৰাজিতা গগৈ, বিনন্দিৰাম দাস, ৰণজিৎ সিংহ, হিকমৎ চৌধুৰী, আজম হক চৌধুৰী, ধীৰাজ বিশ্বাসী, ড০ পংকজ লোচন বৈশ্য, মুকুল কলিতা, সবিতা লহকৰ, সুমিত্ৰা হাজৰিকা, গজেন দাস, ৰত্নেশ্বৰ বসুমতাৰী, ভানু পাঠক, সাবিত্ৰী শইকীয়া, মুনীন্দ্ৰ মহন্ত, অনুপমা দাস, গীতাঞ্জলী সোনোৱালকে আদি কৰি প্ৰায় আঢ়ৈ কুৰি নবীন -প্ৰবীণ কবিয়ে। জাতীয় সংগীতেৰে সামৰণি পৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় সভাপতি শ্ৰী জলদবৰণ মহন্তই।