কবিতা মোৰ আপোন
মিতালি বৰঠাকুৰ ( আচাৰ্য ), মালিগাওঁ
কবিতা মোৰ আপোন
নিশাৰ নিভাজ সময়ৰ মোৰ সহচৰ
সুখৰ সময়ত ,
কবিতাই ৰং সানে মোৰ দুগালত
আৰু দুখৰ সময়ত কবিতা মোৰ বাবে
চেপি ধৰা চকুলোৰ আলয়।
যেতিয়া কবিতা বোৰ অস্থিৰ হৈ পৰে
তেতিয়া শব্দবোৰ দিশহাৰা হৈ হেৰাই যায়।
আবেগ ,অভিমান বোৰ
কবিতাৰ ৰোহ ঘৰত সোমাই আত্ম গোপন কৰে।
পুনৰ আজুৰি আনো শব্দৰ বৰ্ণমালা
গাঁঠিব খোজো সুখ দুখৰ এধাৰি মালা
কিয়নো কবিতা মোৰ আপোন।
নীৰৱ নিশাৰ মোৰ সুখ দুখৰ সহচৰ।